গুৱাহাটীঃ মহানগৰীত কল চেন্টাৰৰ বিৰুদ্ধে অব্যাহত আছে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান ৷ ইতিমধ্যে উৎখাত কৰা হৈছে বহুকেইটা ভুৱা কল চেন্টাৰ ৷
আজিও বেলতলাৰ সত্যপুৰ পথৰ গৃহ নং ২১ ত ভুৱা কল চেন্টাৰৰ বিৰুদ্ধে অভিযান চলাই ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে ৷ জানিব পৰা মতে ২০২২ চনৰ অক্টোবৰ মাহত আকিবুল আৱাজ নামৰ ঘৰৰ গৰাকীৰ পৰা চক্ৰটোৱে ভাৰালৈ লৈছিল ঘৰটো ৷ যোৱা জানুৱাৰী মাহৰ পৰা কাম কৰি আছিল কল চেণ্টাৰটোৱে ৷ প্ৰতি নিশা আৰম্ভ হৈছিল কল চেন্টাৰৰ কাম-কাজ ৷ প্ৰায় ৩০-৩৫ গৰাকী যুৱক-যুৱতীয়ে কাম কৰিছিল চেণ্টাৰটোত ৷
ভাৰাঘৰৰ গৰাকীয়ে জনোৱা অনুসৰি তেওঁ প্ৰতিদিনে ভুৱা কল চেন্টাৰসমূহত চলোৱা অভিযান প্ৰত্যক্ষ কৰিছিল সংবাদ মাধ্যমৰ জৰিয়তে ৷ সেয়েহে নিজৰ ভাৰঘৰটোত চলি থকা কল চেন্টাৰৰ বিষয়ে অৱগত কৰিছিল গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক ৷ সেই অনুসৰি শনিবাৰে ক্ৰাইম ব্ৰাঞ্চে কল চেন্টাৰটোত অভিযান চলায় ৷
শনিবাৰে বেলতলাত অভিযান চলোৱা ভুৱা কল চেণ্টাৰটোতো নিশা হ’লে কাম আৰম্ভ হয় বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে ৷ এই ভুৱা কল চেণ্টাৰসমূহৰ সৈতে এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ আছে ৷ বিশেষকৈ বহিঃৰাষ্ট্ৰৰ লোকসকলক লক্ষ্য কৰি লয় এই চক্ৰটোৱে ৷ আনহাতে দেশৰ বিভিন্ন ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক সামাজিক মাধ্যমৰ জৰিয়তে জালত পেলাই এই অপৰাধত জড়িত কৰোৱাই ৷ কেৱল বহিঃৰাষ্ট্ৰই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ আন আন ৰাজ্যৰ বহু লোকৰ পৰাও প্ৰৱঞ্চনাৰে কোটি কোটি টকা প্ৰৱঞ্চনাৰে হৰলুকি কৰি আহিছে এই অপৰাধী চক্ৰটোৱে ৷