দেহাৰকুছি মনসাপীঠত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ৷
গুৱাহাটী মহানগৰস্থিত ত্ৰিনিটাছ হস্পিতালৰ উদ্যোগত অনুষ্ঠিত হয় উক্ত শিবিৰ৷
শিবিৰ উদ্বোধন কৰে ৰাজহুৱা শ্ৰীশ্ৰী নাগপঞ্চমী পূজাৰ ৰূপালী জয়ন্তী সামৰণি মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ধীৰেন শৰ্মাই৷
মনসাপীঠত অনুষ্ঠিত ৰাজহুৱা শ্ৰীশ্ৰী নাগপঞ্চমী পূজাৰ ৰূপালী জয়ন্তী মহোৎসৱ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি দুপৰীয়া ত্ৰিনিটাছ হস্পিতালৰ স্বত্বাধিকাৰী ডা° নিলিম কুমাৰ ডেকা আৰু ডা° জিনা বৰদলৈ ডেকাৰ বিশেষ ব্যৱস্থাপনাত আৰু প্ৰৱন্ধক জলি চহৰীয়াৰ পৰিচালনাত অনুষ্ঠিত হয় শিবিৰটো৷
শিবিৰত ত্ৰিনিটাছ হস্পিতালৰ জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ ডা° চিৰঞ্জীত নাৰায়ণ দেৱ, ভেষজৰোগ বিশেষজ্ঞ ডা°মানসী বৰ্মন, অস্থি শল্য ৰোগ বিশেষজ্ঞ ডা°সুমন শইকীয়া আৰু স্বাস্থ্য বিষয়া জ্যোতিৰ্ময় দাসকে ধৰি কেইবাজনো স্বাস্থ্য কৰ্মীয়ে সহযোগ কৰে৷
শিবিৰত যথেষ্ট সংখ্যাক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে৷