গুৱাহাটীত জাল নোটৰ মেচিনসহ আটক দুজন

গুৱাহাটী মহানগৰীত আৰক্ষীয়ে STF-ৰ সহযোগত জাল নোটৰ এটা চক্ৰ উৎখাত কৰে। জাল নোটসহ আৰক্ষীয়ে জব্দ কৰিলে জাল নোট তৈয়াৰ কৰা মেচিন। আৰক্ষীৰ জালত পৰিছে দুই নকল টকা প্ৰস্তুতকাৰী। STFৰ অভিযানত হেঙেৰাবাৰীৰ নৱোদয় পথৰ পৰা গ্ৰেপ্তাৰ ইমদাদুৰ ৰহমান আৰু ৰুবুল আলী নামৰ জালনোট প্ৰস্তুতকাৰী দুজন। হেঙেৰাবাৰী এটা ভাড়াঘৰৰ পৰা জাল নোটৰ বেহা চলাইছিল এই দুই প্ৰৱঞ্চকে।

দুই জালনোট বেপাৰীৰ পৰা ৭০ হাজাৰ ৫শ টকা আচল টকা জব্দ কৰাৰ লগতে ২৫খন ৫শ টকীয়া জাল নোট জব্দ কৰে আৰক্ষীয়ে। অভিযান কালত জাল নোট তৈয়াৰ কৰা এটা মেচিন, এখন বাহন আৰু চাৰিটা মোবাইল ফোন জব্দ কৰিছে STF–এ। মেঘালয়ৰ এটা চক্ৰৰ সৈতে জাল নোটৰ বেহাৰ পৰিকল্পনা ৰচিছিল ধৃত লোক দুজনে।

ইয়াৰ পূৰ্বে ১৭ জুনত অসমৰ যোৰাবাটত আন এজন লোকক জাল ভাৰতীয় নোটসহ গ্ৰেপ্তাৰ কৰা হৈছিল।

গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ নাম আছিল জিয়াৱুৰ ৰহমান। গোপন সূত্ৰৰ ভিত্তিত তেওঁক যোৰাবাট অঞ্চলৰ আঁঠ মাইল এলেকাত গণেশ মন্দিৰৰ ওচৰত গ্ৰেপ্তাৰ কৰা হৈছিল, ৰহমানৰ দখলৰ পৰা ২৪,৫০,০০০ টকাৰ জাল নোট জব্দ কৰা হৈছিল।

তেওঁৰ পৰা ৫০০ টা মূল্যৰ নোটৰ কেইবাটাও বাণ্ডল জব্দ কৰা হৈছিল। খবৰ অনুসৰি, ৰহমানে নকল নোটৰ বিনিময়ত ধন লাভ কৰিবলৈ লখিমপুৰ জিলাৰ লালুক অঞ্চলৰ পৰা যোৰাবাটত উপস্থিত হোৱাৰ পিছত আৰক্ষীৰ জালত পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *