গুজৰাটত বিধ্বস্ত বাবৰ বাহিনীঃ পৰাক্ৰমেৰে ৭ উইকেটত সহজে জয়ী ভাৰত

Sports Desk: গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপৰ অতি গুৰুত্বপূৰ্ণ খেলখনত পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে ভাৰতে ৷ ৰোহিত শৰ্মা আৰু শ্ৰেয়াছ আয়াৰৰ দৰ্শনীয় অৰ্ধশতক তথা ভাৰতীয় বলাৰৰ চমকপ্ৰদ প্ৰদৰ্শনত বিধ্বস্ত হয় পাকিস্তান ৷.

প্ৰায় ১ লাখ ৩২ হাজাৰ দৰ্শকেৰে পৰিপূৰ্ণ ষ্টেডিয়ামত ৰোহিত শৰ্মাৰ বিস্ফোৰক বেটিঙৰ সহায়ত গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াত পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় মেন ইন ব্লু।

টছত জয়ীহৈ ৰোহিতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু পাকিস্তানক বেটিঙ কৰিবলৈ আমন্ত্ৰণ দিয়ে। বেট কৰি পাকিস্তানে ইনিংছৰ আৰম্ভণি ইতিবাচকভাৱেই কৰে। দুয়োগৰাকী অপেনাৰ ইমাম-উল হক আৰু আব্দুল্লা চফিকে দলক দৃঢ়তাপূৰ্ণ আৰম্ভণি দিলেও ভাৰতৰ মহম্মদ চিৰাজে প্ৰথমটো আঘাত হানে । দ্বিতীয়টো আঘাত হানে হাৰ্দিক পাণ্ডিয়াই । অৱশ্যে বাবৰ আৰু ৰিজৱানৰ
মাজত এটা সময়ত সুন্দৰ পাৰ্টনাৰশ্বিপ হ’লেও পুনৰ
বল হাতত লৈ বাবৰক পেভিলিয়নৰ ৰাস্তা দেখুৱাই
চিৰাজে পাকিস্তান দলত মোক্ষম আঘাত হানে ।

পৰৱৰ্তী সময়ত নিয়মিত ব্যৱধানত পাক দলৰ এটাৰ
পিছত আনটো উইকেটৰ পতন ঘটি থাকে । যাৰ বাবে
পাকিস্তান দলৰ মেৰুদণ্ড একপ্ৰকাৰ ভাঙি পৰে ।ভাৰতীয় বলাৰে পাকিস্তানৰ ইনিংছক ১৯১ ৰাণতে বান্ধি ৰাখে আৰু ভাৰতৰ সন্মুখত ১৯২ ৰাণৰ সহজ বিজয় লক্ষ্য স্থিৰ কৰে।

পাকিস্তানৰ হৈ সৰ্বাধিক (৫০) ৰাণ সংগ্ৰহ কৰে বাবৰ আজমে৷ দ্বিতীয় সৰ্বাধিক ৰাণ আহে মহম্মদ ৰিজৱানৰ বেটৰ পৰা । ৰিজৱানে ৪৯ ৰাণ কৰি আউট হয় । আনহাতে, ইমাম- উল হক আৰু আব্দুল্লা চফিকে ক্ৰমে ৩৬ আৰু ২০ ৰাণকৈ সংগ্ৰহ কৰে ।

ভাৰতৰ হৈ সকলোতকৈ সফল বলাৰ হৈছে যশপ্ৰীত
বুমৰাহ । বুমৰাহে ৭ অভাৰত মাত্ৰ ১৯ ৰাণৰ বিনিময়ত
দুটা উইকেট লাভ কৰে । আনহাতে, বাকী আঠটা
উইকেট মহম্মদ চিৰাজ, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাই দুটাকৈ ভগাই লয়।

বেটিং বিপৰ্যয়ত বিধ্বস্ত পাকিস্তানে ভাৰতক জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ১৯২ ৰাণৰ লক্ষ্য অনুসৰন কৰি ভাৰতৰ দুই অপেনাৰ শুভমন গিল আৰু অধিনায়ক ৰোহিত শৰ্মাই সুন্দৰভাৱে খেলৰ আৰম্ভণি কৰে। ১৬ ৰাণ কৰি গিল পেভিলিয়নসুখী হোৱাৰ পিচত ৰোহিতে কোহলিৰ সৈতে বেটিং নিয়ন্ত্ৰণ কৰে যদিও কোহলিয়েও ১৬ ৰাণ কৰিয়েই কেচ আউট হয়।

তাৰ পাচত আৰম্ভ হয় ৰোহিত আৰু শ্ৰেয়াছ আয়াৰৰ
মাৰমুখী বেটিং ৷ ৰোহিতে ৬৩ বলত ৮৬ ৰাণৰ এটা সুন্দৰ ইনিংছ খেলাৰ বিপৰীতে আয়াৰে ৬২ বলত ৫৩ ৰাণ কৰি অপৰাজিত হৈ থাকে। ২১.৪ অভাৰত দলৰ স্ক’ৰ ১৫৬ হোৱাৰ সময়তে কেচ আউট হয় ৰোহিত শৰ্মা।

শেষত কে এল ৰাহুল আৰু আয়াৰে মিলি ভাৰতক জয়ৰ সোৱাদ দিয়ে । কে এল ৰাহুলে অপৰাজিত ১৯ ৰাণৰ বৰঙণি যোগায় ৷ জশপ্ৰীত বুমৰাহক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয়।