সভানেত্ৰীৰ স্বামী কাজিৰুদ্দিনক টকা নিদিলে আপুনি নাপায় প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ। এই ঘটনা সংঘটিত হৈছে ডাঙাইগাও গাওঁ পঞ্চায়তত।
মাণিকপুৰঃ হয় আপুনি ঠিকেই শুনিছে মাণিকপুৰ উন্নয়ন খণ্ডৰ অৰ্ন্তগত ডাঙাইগাও পঞ্চায়তৰ বাসিন্দাক যদি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ লাগে তেতিয়াহলে টকা লৈ যাওঁক সভানেত্ৰীৰ ঘৰলৈ। আপুনি ঘৰ পাবই। পঞ্চায়তৰ সচিব তথা জিপিচিক অন্ধকাৰত ৰাখি সভানেত্ৰীৰ স্বামীয়ে চলাই আছে এক জংঘল ৰাজ। যাৰ ফলত ডাঙাইগাও গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী। পঞ্চায়ত সভাপতিক – সচিবৰ জৰিয়তে টকা নিদিলে লাভ নকৰে গৃহ।
অভিযোগ মতে বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ডাঙাইগাও গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টনত ব্যপক অনিয়ম সংগঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে ।
হিতাধিকাৰীৰ গৃহৰ জিঅ টেকৰ লগতে যাবতীয় কৰিবলগীয়া কাম সম্পূৰ্ণ হোৱাৰ পিছতো হিতাধিকাৰীৰ একাউন্টত টকা সুমুৱাই দিয়াৰ ব্যৱস্থা কৰা নাই। ফলত লাভ কৰা নাই গৃহ। ডাঙাইগাওঁ পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ ফজিলা খাতুন নামৰ মহিলাগৰাকীক বঞ্চিত কৰি ৰাখিছে। সভানেত্ৰীৰ স্বামীয়ে ২০ হাজাৰ টকা খুজিছিল কিন্তু হিতাধিকাৰীয়ে টকা দিয়াত অমান্তি হোৱাৰ বাবে পাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে।
এই সংক্ৰান্তত মহিলা গৰাকীয়ে মাণিকপুৰ খণ্ড উন্নয়ন বিষয়া, বঙাইগাঁও জিলা পৰিষদ কাৰ্যালয়, উপায়ুক্তক অভিযোগ দাখিল কৰিও সুফল লাভ কৰা নাই। আনহাতে উক্ত পঞ্চায়তৰে ৬ নম্বৰ ৱাৰ্ডত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি পকী গৃহ থকা লোকক গৃহ আবন্টন দিয়াৰ অভিযোগ উত্থাপন হৈছে ।
পঞ্চায়ত সভানেত্ৰী লালভানুৰ স্বামী কাজিৰুদ্দিন আৰু পঞ্চায়ত সচিবজনে প্ৰকৃত হিতাধিকাৰীৰ পৰা টকা বিচৰাত টকা দিব নোৱাৰাৰ বাবে গৃহৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে ।একাংশ বিজেপিৰ সক্ৰিয় কৰ্মী লগতে প্ৰকৃত হিতাধিকাৰীক গৃহৰ পৰা বঞ্চিত হৈ আছে। হিতাধিকাৰী সকলে প্ৰকৃত ন্যায় বিচাৰি দূৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষনা কৰা মু্খ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কামনা কৰি, হস্তক্ষেপৰ দাবী জনাইছে হিতাধিকাৰী সকলে।
মন্তব্যঃ হিতাধিকাৰী ।
পৰা আজিজুল হক।