সোমবাৰে দিনৰ ভাগত জল বৰ্ডৰ পাইপ ফুটি জু ৰোডত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে। স্থানীয় লোকৰ ভাষ্য অনুসৰি ডাঙৰ শব্দ হৈ পাইপ ফাটি সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰে।
পাইপ ফাটি কেইবা মিটাৰ ওপৰলৈ উঠিল পানী। তীব্ৰবেগত পাইপৰ পানী নিৰ্গত হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সমীপৰ ঘৰ। ঘটনাত কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ ফলত পথৰ কাষত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। পানীৰ পাইপ ফটাৰ ফলত অঞ্চলটোত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। পানীৰে ভৰি পৰিছে ৰাজপথ।
বৰ্তমান ঘটনাস্থলীত এ এছ ডি এম এৰ এটা দল উপস্থিত হৈ ফাটি যোৱা পাইপ মেৰামতি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
ইয়াৰ কিছুদিন পূৰ্বে খাৰঘূলিত সংঘটিত হৈছিল অনুৰূপ ঘটনা। জাইকাৰ পাইপ ফাটি জলমগ্ন হৈ পৰিছিল সমগ্ৰ অঞ্চল। যাৰ বাবে এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত হৈছিল কেইবাজনো।
উল্লেখ্য যে, গুৱাহাটী মহানগৰীত এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হয় জনতাই। কৰবাত যদি খোৱাপানীৰ অভাৱ কৰবাত আকৌ এজাক বৰষুণতে জীয়াতু ভুগিব লগা হয় জনতাই।