কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে শিৱসাগৰ জিলা কংগ্ৰেছ কৰ্মী তথা বিষয়ববীয়া সকলে প্ৰকাশ কৰিছে আনন্দ উছাহ।
শিৱসাগৰ ৰাজীৱ ভৱনৰ চৌহদত ফটকা ফুটাই, লাৰু বিতৰণ কৰি কংগ্ৰেছ কৰ্মী সকলে প্ৰকাশ কৰিছে আনন্দ উছাহ।
কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে অসমৰ কংগ্ৰেছ কৰ্মী সকলকো উৎসাহিত কৰাৰ লগতে মনোবল বৃদ্ধি কৰিব বুলি মন্তব্য শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জীৰ গগৈৰ।
অসমত আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত যুঁজ দিবলৈ কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে অধিক উৎসাহী কৰি তোলা বুলি ব্যক্ত কৰিছে কংগ্ৰেছ কৰ্মী সকলে।
দেশত মোদী চৰকাৰে যি স্বেচ্ছাচাৰী শাসন চলাইছে তাৰ উত্তৰ কৰ্ণাটকৰ জনতাই দিছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ শিৱসাগৰ জিলা কংগ্ৰেছৰ।