কৰম পূজাৰ বন্ধ সম্পৰ্কত চেলেংহাটত তীব্ৰ প্ৰতিবাদ: সাংসদ তপন গগৈক নিষিদ্ধ ঘোষণাৰ হুংকাৰ আটাছাৰ

কৰম পূজাৰ বন্ধ সম্পৰ্কত চেলেংহাটত তীব্ৰ প্ৰতিবাদ।
সাংসদ তপন গগৈক নিষিদ্ধ ঘোষণাৰ হুংকাৰ আটাছাৰ

আমগুৰিঃ শেহতীয়াকৈ চাহ জনগোষ্ঠীৰ সকলৰ মূল উৎসৱ কৰম পূজাৰ বন্ধ সম্পৰ্কীয় এক ঘোষণাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে উক্ত দিনা পাৰিশ্ৰমিক সহ চুটি দিছে যদিও উক্ত দিনাৰ কাম সমূহ অন্য এটি দিনত কৰাই লব পাৰিব বাগিচা কৰ্তৃপক্ষই। এই ঘোষণাক লৈ প্ৰতিবাদ মুখৰ হৈ পৰিছে চাহ বাগিচা অঞ্চল।

এই লৈ আজি যোৰহাট জিলাৰ চেলেং চাহ বাগিচাৰ মাজনৈত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই।

এই কাৰ্যসূচীত মাজনৈ চাহ বাগিছাৰ চাহ শ্ৰমিকৰ লগতে আটছা মৰিয়নি শাখাৰ সম্পাদক দিনেশ চাহু উপ সভাপতি অজয় তাঁতী, জিলা সমিতিৰ জ‌য়প্ৰকাশ ৰজক, চেলেং হাট উপ শাখাৰ সমূহ বিষয়ববীয়াৰ লগতে সভাপতি গুঞ্জন পাত্ৰ, সম্পাদক শিৱা লস্কৰ তাঁতী, মাজনৈ প্ৰাথমিক গোটৰ সকলো বিষয়ববীয়াৰ আৰু নকাচাৰি উপ শাখাৰ বিষয়ববীয়াৰ উপস্থিত থাকে।

এই প্ৰতিবাদ স্থলীত প্ৰতিবাদী শ্লোগান দি পৰিবেশ উত্তাল কৰাৰ লগতে যোৰহাট লোক সভাৰ সাংসদ তপন গগৈৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে আটছা নেতৃত্বত। তেওঁলোকে সাংসদ তপন গগৈয়ে কোনোদিনে চাহ শ্ৰমিকৰ সপক্ষে মাত নমতাৰ লগতে বাগিচা অঞ্চলৰ ৰাইজৰ খবৰ নলয় বুলি অভিযোগ কৰাৰ লগতে অনাগত দিনত তেওঁক চাহ বাগিচাত নিষিদ্ধ ঘোষণাৰ হুংকাৰ দিয়ে।