ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা সন্দৰ্ভত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগীয় মন্ত্ৰী বিমল বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া।
আমগুৰিঃ অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। আমগুৰিত শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি বিষ্ণু মহন্তই কয় যে মন্ত্ৰী হোৱাৰ আগতে তেওঁ এজন খিলঞ্জীয়া চাহ খেতিয়ক। এজন খিলঞ্জীয়া হৈ বহিৰাগত পুঁজিপতি গোষ্ঠীৰ সপক্ষে ঠিয় দিয়া বিষয়টি দূৰ্ভাগ্যজনক।
ক্ষুদ্ৰ চাহ খেতিয়ক সকল সংগঠিত নহয় আৰু কেঁচা পাতৰ মানদণ্ড উন্নত নহয় বুলি মন্ত্ৰী বিমল বৰাই মন্তব্য কৰাৰ পিছতেই আমগুৰিত ওভতি ধৰিছে শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।
শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই মন্ত্ৰী বিমল বৰাৰ এই মন্তব্যক ধিক্কাৰ দিয়াৰ লগতে মন্ত্ৰী গৰাকীৰ এই মন্তব্যত কৃষক সকল ক্ষুণ্ণ হৈ পৰা বুলিও মন্তব্য কৰিছে শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি বিষ্ণু মহন্তই। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতি কৰা বিৰূপ মন্তব্যৰ ফল অহা নিৰ্বাচনত চৰকাৰে ভোগ কৰিব লগীয়া হ’ব বুলি নিজা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।