কোৰিয়া অপেন ২০২৩: ভাৰতৰ সাতৱিক-চিৰাগে ফাইনেলত ইণ্ডোনেছিয়াৰ শীৰ্ষ স্থান প্ৰাপ্ত যুটিক পৰাস্ত কৰি পুৰুষৰ দ্বৈত খিতাপ জয় কৰে

পুণৰ আকৌ সকলোকে আচৰিত কৰি সাতবিক্ষাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে নিজৰ সপোনৰ দৌৰ অব্যাহত ৰাখিলে। এই ভাৰতীয় ডাবলছ যুটিয়ে ২০২৩ বৰ্ষৰ কোৰিয়া অ’পেনত জয়লাভ কৰে। ইয়াৰ উপৰিও তেওঁলোকে বিশ্বৰ এক নম্বৰ যুটিকো পৰাস্ত কৰে।

দেওবাৰে তিনি ছেটৰ কঠিন খেলত সাতৱিক-চিৰাগৰ যুটিয়ে ১৭-২১, ২১-১৩, ২১-১৪ গেমত জয়লাভ কৰে। তেওঁলোকে শীৰ্ষ বাচনিৰ ছিড ফজৰ আলফিয়ান আৰু মহম্মদ ৰিয়ান আৰ্ডিয়ানোৰ যুটিক পৰাস্ত কৰে।

ইয়াৰ পূৰ্বে তেওঁলোকে ইণ্ডোনেছিয়া ছুপাৰ ১০০০ আৰু ছুইছ অ’পেন ছুপাৰ ৫০০ত জয়লাভ কৰিছিল। মন কৰিবলগীয়া যে একেলগে খেলাৰ পিছৰে পৰা সাতৱিক-চিৰাগৰ সফলতাও কম হোৱা নাই। কমনৱেলথ গেমছত স্বৰ্ণ, থমাছ কাপত স্বৰ্ণ, বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ, ছুপাৰ ৩০০ (ছৈয়দ মোডী আৰু চুইছ অ’পেন), ছুপাৰ ৫০০ (থাইলেণ্ড আৰু ইণ্ডিয়া অ’পেন), ছুপাৰ ৭৫০ (ফ্ৰেঞ্চ অ’পেন) আৰু ছুপাৰ ১০০০ (ইণ্ডোনেছিয়া অ’পেন) লাভ কৰে।