ৰঙিয়াঃ কোভিড ১৯ এ জীৱনৰ গতি পথ সলনি কৰিলে দুই উচ্চ শিক্ষিত ভাতৃৰ । চৰকাৰি চাকৰি মুখী নহৈ দুই ভাতৃ প্ৰনৱ আৰু দিগন্ত ডেকাই কমলপুৰৰ ধেনুকা গাঁৱত স্থাপন কৰিলে খোৱা পানীৰ উদ্যোগ।
গিৰিজা ইণ্ডাষ্ট্ৰী নামেৰে এটা শূদ্ৰ উদ্যোগ স্থাপন কৰিছিল আৰু এই উদ্যোগটোতে পিৰিয়াডো নামেৰে বতলিঙ খোৱা পানী প্ৰস্তুত কৰিছে দুই ভাতৃয়ে।
যাৰ দ্বাৰা আজি দুই ভাতৃয় আত্ম নিৰ্ভৰশীল । অকল আত্মনিৰ্ভৰশীল হোৱাই নহয় তেওঁ লোকে অন্য ২০টা পৰিয়ালক পোহপাল দিয়াৰো কৰিছে ব্যৱস্থা ।