কোন ক’লা পোছাক পৰিহিত যুৱকে ৰখাই থোৱা গাড়ীত থৈ গৈছিল জোনমণিৰ মৃতদেহ?

জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ হোৱাৰ কথা প্ৰকাশ কৰিলে চি আই ডি মধ্য মণ্ডলৰ এছ পি ধ্ৰুব বৰাই ৷ তদন্তৰ সন্দৰ্ভত মুখ খোলা নাই তদন্তকাৰী বিষয়াই ৷ তেওঁ কয় যে, ঘটনা সন্দৰ্ভত উৰ্দ্ধতম কৰ্তৃপক্ষই সদৰী কৰিব সংবাদ মাধ্যমক। ইয়াৰ বাহিৰে অন্য মন্তব্য দিয়াৰ পৰা বিৰত থাকে বৰা।

জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্য অব্যাহত থকাৰ মাজতেই আজি এজন যুৱকে বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে, উক্ত ঘটনাৰ দিনা সেই স্থানতে আছিল তেওঁ। য’ত দেখিছিল, জোনমণিৰ গাড়ীখন এটা স্থানতে ৰৈ আছিল আৰু ৰৈ থকা গাড়ীতহে খুন্দা মাৰিছিল কন্টেইনাৰখনে। অৱশ্যে ঘটনাৰ সত্যতা চিআইডিৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।

লগতে কয় যে, দুৰ্ঘটনাৰ পূৰ্বে ৰাভাৰ গাড়ীৰ পৰা নামি গৈছিল এজন লোক। সেই লোকজনে পৰিধান কৰিছিল ক’লা পোছাক । আৰু দুৰ্ঘটনাৰ পিছত আঁতৰি গৈছিল কণ্টেইনাৰখনৰ চালকজন ।
উল্লেখ্য যে, গুৱাহাটীৰ পৰা গৈ থকা বোকাখাতৰ এজন গাড়ীৰ চালকে এই ভাষ্য প্ৰদান কৰে। তেওঁ গুৱাহাটীৰ পৰা গৈ থকা অৱস্থাত জখলাবন্ধাত অলপ সময়ৰ বাবে ৰৈছিল আৰু তেতিয়াই তেওঁ সকলো প্ৰত্যক্ষ কৰিছিল।

তেওঁ কয় যে, খুন্দা মৰাৰ আগত জোনমণিৰ গাড়ীখন উক্ত স্থানতে আছিল। যেতিয়া গাড়ীখনৰ ওচৰত গৈছিল তেতিয়া মহিলাৰ মৃতদেহ গাড়ীখনৰ ভিতৰত দেখিছিল।

উল্লেখ্য যে, উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুয়ে বহু ৰহস্যৰ কথা কৈ গৈছে। এয়া এক দুৰ্ঘটনা নহয় বুলি একাংশই দাবী কৰিছে। যাৰ বাবে মৃত্যুৰ ঘটনাৰ তদন্ত চিআইডিক দিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

Leave a Reply

Your email address will not be published. Required fields are marked *