কোটাকে ধৰি ৰাজস্থানৰ বিভিন্ন স্থানত চলি থকা কোচিং চেণ্টাৰৰ বাবে গাইডলাইন জাৰি কৰিছে ৰাজস্থান চৰকাৰে

কোচিং চেণ্টাৰৰ হাবলৈ পৰিণত হোৱা ৰাজস্থানৰ কোটাত ক্রমান্বয়ে বৃদ্ধি পাইছে আত্মহননৰ ঘটনা ।
কোটাকে ধৰি ৰাজস্থানৰ বিভিন্ন স্থানত চলি থকা কোচিং চেণ্টাৰৰ বাবে গাইডলাইন জাৰি কৰিছে ৰাজস্থান চৰকাৰে।

গাইডলাইন মতে, ছাত্র ছাত্রীক ডেৰ দিনৰ সাপ্তাহিক চুটি দিয়াৰ লগতে শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপাত ৰক্ষা কৰিব লাগিব । এই সন্দৰ্ভত এখন ১৫ জনীয়া সমিতি গঠন কৰিব ৰাজস্থান চৰকাৰে ।

নৱম শ্ৰেণীৰ পূৰ্বে কোচিং চেণ্টাৰত নাম ভৰ্তি কৰিব নোৱাৰিব । শিক্ষাৰ্থী সকলৰ মূল্যায়ণৰ ফলাফলো ৰাজহুৱা কৰিব নোৱাৰিব। সহজ প্রস্থানৰ লগতে হেল্পলাইনৰ ব্যৱস্থা কৰিব লাগিব ।

কোটাত এই বৰ্ষত সৰ্বাধিক ২৩ জন ছাত্রই আত্মহনন কৰিছে। যোৱা বৰ্ষত ১৫ গৰাকী শিক্ষাৰ্থীয়ে বাচি লৈছিল চৰম পন্থা ।

উল্লেখযোগ্য যে, ৰাজস্থানৰ কোচিং চেণ্টাৰ সমূহে ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি চলাটো নিশ্চিত কৰিবলৈ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক নিৰ্দেশনা দিয়ে ৰাজ্যখনৰ মুখ্যসচিব গৰাকীয়ে ।

আৰু অন্যান ৰাজস্থান চৰকাৰৰ নিয়ম আৰু নিৰ্দেশনা সমূহ হৈছে:

  • কোচিং চেণ্টাৰ সমূহ ৰাজস্থান চৰকাৰত পঞ্জীয়ন হ’ব লাগিব।
  • কোচিং চেণ্টাৰত সমূহত যোগ্য আৰু অভিজ্ঞ শিক্ষক নিয়োগ কৰিব লাগিব।
  • কোচিং চেণ্টাৰসমূহে ছাত্ৰ-ছাত্ৰীসকলক এক নিৰ্দিষ্ট শৈক্ষিক পৰিৱেশ প্ৰদান কৰিব লাগিব।
  • কোচিং চেণ্টাৰসমূহে ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত নিৰাপত্তা প্ৰদান কৰিব লাগিব।
  • কোচিং চেণ্টাৰসমূহে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰাখিব লাগিব।

যদি যদি কোনো কোচিং চেণ্টাৰে এই নিয়ম আৰু নিৰ্দেশনা মানি নচলে, তেন্তে ৰাজস্থান চৰকাৰে তেওঁলোকৰ অন্যুগাপত্ৰ বাতিলৰ লগতে জৰিমনাও বিহিব পাৰে।