ডিজিটেল ডেস্ক : নিপা ভাইৰাছক লৈ চৰকাৰে জাৰি কৰিছে হাই এলাৰ্ট, দেশবাসীক সতৰ্ক কৰি দিছে ‘আই চি এম আৰ’ এ । নিপা ভাইৰাছত আক্ৰান্ত ১০০ জনৰ ভিতৰত ৭০ জনৰে হ’ব পাৰে মৃত্যু। ভাৰতৰ এটা গুৰুত্বপূৰ্ণ জনস্বাস্থ্য সমস্যা হ’ল নিপাহ ভাইৰাছ, যিটো এটা জেনোটিক সংক্ৰমণ যিয়ে মানুহৰ শ্বাস-প্ৰশ্বাস আৰু স্নায়ুজনিত তীব্ৰ লক্ষণৰ সৃষ্টি কৰিব পাৰে। নব্বৈৰ দশকৰ শেষৰ ফালে মালয়েছিয়াত প্ৰথমবাৰৰ বাবে এই ভাইৰাছ চিনাক্ত হোৱাৰ পিছৰে পৰা এই ভাইৰাছৰ সংক্ৰমণ ঘটিছে, ভাৰতত উল্লেখযোগ্য ঘটনা সংঘটিত হৈছে।
শেষতীয়াকৈ কেৰালাৰ কোঝিকোডত নিপা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পালে। বৰ্এতমানলৈ এই ভাইৰাছত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ১০০৮ গৰাকী লোকক চিনাক্ত কৰা হৈছে।
ইয়াৰে ৩২৭গৰাকী স্বাস্থকৰ্মীও অন্তৰ্ভুক্ত আছে। উল্লেখযোগ্য যে চলিত বৰ্ষত এই ভাইৰাছৰ সংক্ৰমণত ৬গৰাকী ধৰা পৰিছে। ইয়াৰ ভিতৰৰ ২জনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
আনহাতে ভাৰতত থকা সকলো ফলমূলতে নিপা ভাইৰাছৰ অৱস্থিতি থকাৰ আশংকা থকা বুলি উল্লেখ কৰা তথ্যই আতংকৰ সৃষ্টি কৰিছে। অৱশ্যে ই কিমান দূৰ সত্য; সেই সন্দৰ্ভত এতিয়াও কোনো প্ৰামাণিক তথ্য পোৱা নাই।