কেমেৰাৰ সমূখতে ভাগি পৰিল ‘ঢৌ দলং’

কেমেৰাৰ সমূখতে ভাগি পৰিল বিধায়ক প্ৰমোদ বৰঠাকুৰে নিৰ্মান কৰা ‘ঢৌ দলং’।

বিষয়া ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবেই খহি পৰিল কাঠৰ দলং খন।

এই অভিযোগ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ।

নিম্ন মানৰ কাম কৰা ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা লবলৈ অতিৰিক্ত উপায়ুক্তক স্মাৰক পত্ৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ।

যোৱাকালি চতিয়াৰ পলশনি আৰু কুৰুৱাআটি সংযোগী টৌ দলং খ্যাত এখন কাঠৰ দলং ভাঙি পৰিল। বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ আত্মীয়‌ দিগন্ত বৰঠাকুৰে এই দলংখনৰ ঠিকা লাভ কৰিছিল। নিৰ্মাণৰ তিনি বছৰ নৌ হ‍ওতেই ভাঙি পৰিল এই দলংখন।

এইখন দলং খনৰ আছিল এক ইতিহাস । দলংখনৰ নিৰ্মাণৰ পূৰ্বে ভৰ বাৰিষা কুৰুৱাআটি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভৰ বাৰিষা টৌত উটি ঘিলাধাৰী নদী পাৰহৈ গৈছিল বিদ্যালয়লৈ। এই বাতৰিয়ে সেই সময়ত অসমৰ লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমটো স্থান লাভ কৰিছিল। ইয়াৰ পিছতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে নিৰ্মাণ কৰি দিছিল এখন কাঠৰ দলং । তেতিয়াৰ পৰাই ‘টৌ দলং’ হিচাপে সৰ্বজন পৰিচিত হৈ পৰিছিল এই দলংখন।

এই কাঠৰ দলংখন ইয়াৰ পিছতে বহুবাৰ মেৰামতি কৰা হ’ল। আজিৰ পৰা প্ৰায় তিনিবছৰৰ আগতে দলংখন নিৰ্মাণ কৰা হৈছিল । নিৰ্মাণৰ ঠিকা লাভ কৰিছিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ আত্মীয়‌ দিগন্ত বৰঠাকুৰে। কিন্তু আজি এই দলংখন ভাঙি সোমাই পৰিল নদীৰ মাজত । সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিল কেইবাখনো গাওঁৰ যাতায়ত ব্যৱস্থা।

শীঘ্ৰেই নিৰ্মাণকাৰী ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী জনাই অতিৰিক্ত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দাবী, শীঘ্ৰেই বিধায়কে পুনৰ নিৰ্মাণ কৰিব লাগে দলং খন।