গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ কেন্দ্ৰীয় আঁচনিৰ বৃহৎ পৰিমাণৰ ৰাজসাহাৰ্যক লৈ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ সাংসদ গৌৰৱ গগৈৰ পত্ৰ ৷ ৰাজহুৱা স্বচ্ছতাৰ স্বাৰ্থত বিষয়টোত মন্ত্ৰীগৰাকীৰ সদয় হস্তক্ষেপৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে সাংসদগৰাকীয়ে ৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন কোম্পানীয়ে কেন্দ্রীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহাৰ্য লাভ কৰা বিষয়টোক লৈ কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেললৈ পত্ৰ প্ৰেৰণ কৰিছে কংগ্রেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে ৷
“প্ৰিয় শ্ৰী পিয়ুষ গোৱেল, ভাৰত চৰকাৰৰ খাদ্য সংশাধন উদ্যোগ মন্ত্ৰালয়ে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ (PMKSY) ৰাজসাহাৰ্য অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যক আবণ্টন দিয়াৰ বিষয়টোৰ প্ৰতি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই পত্ৰ লিখিছোঁ ৷”
“জানিব পৰা গৈছে যে প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা (PMKSY) আৰু কৃষি সংহত আন্তঃগাঁথনি সৃষ্টিৰ আঁচনিৰ অধীনত খাদ্য সংশাধন মন্ত্ৰালয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন এম/এছ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লৈ দহ কোটি টকা অনুমোদন জনাইছে ৷ ২২ মাৰ্চ, ২০২৩ তাৰিখে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা লোকসভাত উদ্যোগসমূহৰ প্ৰসাৰত সহায় কৰাৰ উদ্দেশ্যে অসমত বিনিয়োগ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিবা উদ্যোগ গ্ৰহণ কৰিছে নেকি ?
তেওঁ আৰু লিখিছে যে, “তালিকাৰ ৭ নং ক্ৰমত এম/এছ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নাম উল্লেখ কৰা হৈছে ৷ প্ৰাসংগিকভাৱে অনুমোদিত অনুদান-সাহাৰ্যৰ পৰিমাণ ১০,০০,০০,০০০ টকা (দহ কোটি টকা) বুলি উল্লেখ কৰা হৈছে ৷ খাদ্য সংশাধন উদ্যোগ মন্ত্ৰালয়ৰ ৱেবছাইটতো হিতাধিকাৰীৰ তালিকা পোৱা যাব ৷ লোকসভাত আপোনাৰ উত্তৰ আৰু খাদ্য সংশাধন উদ্যোগ মন্ত্ৰালয়ৰ ৱেবছাইটত থকা হিতাধিকাৰীৰ তালিকাৰ পৰা স্পষ্ট যে এম/এছ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নামত দহ কোটি টকা অনুমোদন জনোৱা হৈছে ৷ আনহাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যাৰ পৰিয়ালৰ সদস্য উক্ত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী আৰু নিয়ন্ত্ৰিত, তেঁও ভাৰত চৰকাৰৰ পৰা কোনোধৰণৰ ধন আবন্টন আৰু দাবী কৰাৰ কথা অস্বীকাৰ কৰিছে ৷”
সাংসদ গৈৰৱ গগৈয়ে পত্ৰখনত আৰু উল্লেখ কৰিছে যে, “গতিকে ৰাজহুৱা স্বচ্ছতাৰ স্বাৰ্থত বিষয়টোত আপোনাৰ হস্তক্ষেপৰ বাবে বিনম্ৰ অনুৰোধ জনাইছো যাতে প্ৰকৃত তথ্য ওলাই আহে ৷”
সাংসদ গৌৰৱ গগৈয়ে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই বিষয়টো লৈ সমুখ যুদ্ধত নমাৰ উপৰিও সংবাদমেলৰ যোগেদিও হিমন্ত বিশ্ব শৰ্মাক ধাৰাবাহিকভাৱে প্ৰত্যাহ্বান জনাই আহিছে৷ প্ৰসংগটোৱে ৰাষ্ট্ৰীয় পৰ্যায়তো বহুল চৰ্চা লাভ কৰিছে৷ যিটো যথেষ্ট অস্বস্তিকৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাবে ৷