কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিলে ৪০ কোটি টকা,দুৰাৰোগ্য ব্যাধিসমূহৰ চিকিৎসাৰ বাবে ব্যৱহিত হৱ এই ধন

ডিজিটেল ডেস্ক Assam Observer : দুৰাৰোগ্য ব্যাধিসমূহত আক্ৰান্ত লোকসকললৈ দেশৰ কেন্দ্ৰীয় চৰকাৰে দিলে আনএক সুখবৰ । যোৱা বুধবাৰে, কেন্দ্ৰীয় চৰকাৰে দুৰাৰোগ্য ব্যাধিসমূহৰ চিকিৎসাৰ বাবে ৪০ কোটি টকা মুকলি কৰি দিয়ে । এই টকা ১১টা কৈ গৱেষণা কেন্দ্ৰক মুকলি কৰি দিয়াৰ ওপৰিও কেৱল এইমছৰ বাবে ১০ কোটি টকা কেন্দ্ৰই আগবঢ়াইছে ।কেন্দ্ৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ (দুৰাৰোগ্য ব্যাধি)য়ে এই পূঁজি মুকলি কৰি দিয়ে ।

দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত শিশুসকলৰ হৈ উচ্চতম ন্যায়ালয়ত এখন আবেদন পত্ৰ ৰুজু কৰা হৈছিল শিশুসকলৰ চিকিৎসাৰ বাবদ চৰকাৰী সাহায্য বিচাৰি, যাৰ বাবেই ন্যায়াধীশ প্ৰতিভা এম সিঙে এক নিৰ্দেশ দিয়ে যে, চিকিত্সাধীন হৈ থকা শিশুসকলৰ ধনৰ অভাৱত কোনো কাৰণতেই ৰৈ যাব নোৱাৰিব ।

এই নিৰ্দেশৰ আধাৰতেই কেন্দ্ৰই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ পৰা গৈছে ।

ভাৰত চৰকাৰৰ এই সিদ্ধান্ত নিশ্চয়কৈ প্ৰশংসনীয় পদক্ষেপ কিন্তু ১৪০ কোটি জনতাৰ এখন দেশত কেৱল ৪০ কোটি টকাই কিমান শিশুৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ’ব সেইয়াও এক জটিল প্ৰশ্ন ।

Leave a Reply

Your email address will not be published. Required fields are marked *