প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত দিল্লীত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটত স্বাস্থ্য গৱেষণা দপ্তৰ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত স্বাক্ষৰিত প্রকল্প সহযোগিতা চুক্তিত অনুমোদন লাভ কৰে। এই সহযোগিতাৰ উদ্দেশ্য হৈছে গৱেষণা, সহায়ক প্রযুক্তি, উদ্ভাৱন বৃদ্ধি আৰু উপযুক্ত প্ৰশিক্ষণ কাৰ্যসূচীৰ বিকাশ আৰু প্ৰচাৰ কৰা। বৈঠকত দেশৰ প্ৰতিযোগিতা আয়োগ আৰু ইজিপ্তৰ প্ৰতিযোগিতা প্ৰাধিকৰণৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিতো অনুমোদন জনোৱা হয়।