কেইবছৰমানৰ ভিতৰতে ২ ডিগ্ৰী বৃদ্ধি পাব পৃথিৱীৰ তাপমাত্রা

গোলকীয় উষ্ণতা বৃদ্ধিৰ (Global Warming) বিপদ অচিৰেই আহি আছে। ৰাষ্ট্ৰসংঘৰ ইণ্টাৰ গভৰ্মেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ (IPCC)ক লৈ নতুন প্ৰতিবেদন দাখিল কৰা হৈছে৷ এই প্ৰতিবেদন মতে, প্ৰাক–ঔদ্যোগিক যুগ (Pre-Industrial Era)ৰ তুলনাত অহা ২১০০ চনৰ ভিতৰত ২ ডিগ্ৰী অধিক উষ্ণতা বৃদ্ধি পাব৷

গোলকীয় উত্তাপ হ’ল পৃথিৱীপৃষ্ঠৰ ঠিক উপৰিভাগৰ বায়ুৰ উষ্ণতা। সামগ্ৰিকভাৱে স্থলভাগৰ লগতে জলভাগকে ধৰি পৃথিৱীপৃষ্ঠৰ বায়ুৰ গড় উষ্ণতা হ’ল ১৫ ডিগ্ৰী ছেলছিয়াছ। বায়ুমণ্ডলৰ নিম্নস্তৰ ষ্ট্ৰ’পস্ফেয়াৰত কাৰ্বন-ডাই-অক্সাইড, মিথেন, জলীয় বাষ্প, নাইট্ৰাছ অক্সাইড, অ’জন আদি গেছ নথকা হ’লে পৃথিৱীপৃষ্ঠৰ নিচেই ওচৰত থকা বায়ুৰ উষ্ণতা ১৮ ডিগ্ৰী ছেলছিয়াছ হ’লহেতেন। গতিকে এই গেছবোৰৰ উপস্থিতিয়ে পৃথিৱীপৃষ্ঠৰ নিচেই ওচৰত থকা বায়ুৰ উষ্ণতা ৩৩ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত বৃদ্ধি কৰাৰ ফলত গড় উষ্ণতা ১৫ ডিগ্ৰী ছেলছিয়াছ হৈছেগৈ।

মানুহৰ বাবে জীৱন ৰক্ষা হ’ব দুঃসহ, কেইবছৰমানৰ ভিতৰতে ২ ডিগ্ৰী বৃদ্ধি পাব পৃথিৱীৰ তাপমাত্রা বিজ্ঞানীসকলৰ মতে, যদি পৃথিৱীৰ তাপমাত্ৰা ২ ডিগ্ৰী বৃদ্ধি পায়, তেন্তে সমগ্ৰ বিশ্বৰ জলবায়ু চিৰদিনৰ বাবে সলনি হ’ব।

গোলকীয় উষ্ণতা বৃদ্ধিৰ (Global Warming) বিপদ অচিৰেই আহি আছে। ৰাষ্ট্ৰসংঘৰ ইণ্টাৰ গভৰ্মেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ (IPCC)ক লৈ নতুন প্ৰতিবেদন দাখিল কৰা হৈছে৷ এই প্ৰতিবেদন মতে, প্ৰাক–ঔদ্যোগিক যুগ (Pre-Industrial Era)ৰ তুলনাত অহা ২১০০ চনৰ ভিতৰত ২ ডিগ্ৰী অধিক উষ্ণতা বৃদ্ধি পাব৷

ইয়াক প্ৰতিৰোধ কৰিবলৈ বৃহৎ পৰিমাণৰ সেউজগৃহ গেছ নিৰ্গমন হ্ৰাস কৰিব লাগিব৷ আইপিচিচিয়ে বিশ্বব্যাপী জলবায়ুৰ স্থিতিৰ ওপৰত ইয়াৰ ষষ্ঠবাৰ্ষিক প্ৰতিবেদন দাখিল কৰিছে৷ ১৮৫০ চনৰ পৰা ১৯০০ চনৰ ভিতৰত প্ৰাক-ঔদ্যোগিক সময়ত বিশ্বৰ তাপমাত্ৰা ১.১ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাইছিল৷

প্ৰতিবেদনত কোৱা হৈছে যে ২০৪০ চনৰ ভিতৰত তাপমাত্ৰা ১.৫ ডিগ্ৰী বৃদ্ধি পাব৷ ২০১৫ চনৰ পেৰিছ চুক্তি অনুসৰি পৃথিৱীৰ তাপমাত্ৰা ২ ডিগ্ৰী বৃদ্ধি হ’বলৈ নিদিয়াৰ বাবে ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছিল। বিজ্ঞানীসকলৰ মতে, যদি পৃথিৱীৰ তাপমাত্ৰা ২ ডিগ্ৰী বৃদ্ধি পায়, তেন্তে সমগ্ৰ বিশ্বৰ জলবায়ু চিৰদিনৰ বাবে সলনি হ’ব, যিটো মানুহ আৰু অন্যান্য প্ৰাণীৰ বাবে অতি বিপজ্জনক৷

গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগোৱা প্ৰধান গেছকেইবিধৰ শতাংশ হাৰ এনেধৰণৰ:
১) জলীয় বাষ্প (H2O)……         (৩৬-৫২) শতাংশ।
২) কাৰ্বন-ডাই-অক্সাইড (CO2)…..(৯-২৬) শতাংশ।
৩) মিথেন গেছ (CH4)……  (৪-৯) শতাংশ।
৪) নাইট্ৰাছ অক্সাইড (N2O)…   (৩-৬) শতাংশ।
৫) অ’কন গেছ (O3)……..          (৩-৭) শতাংশ।

Leave a Reply

Your email address will not be published. Required fields are marked *