জানিব পৰা মতে, শস্যৰ বিনিয়োগত সহায়ক হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনি আৰম্ভ কৰিছে।
এই আঁচনিখনত মুঠ ৬ হাজাৰ টকা কৃষকৰ একাউণ্টত ২ হাজাৰ টকাকৈ তিনিটা কিস্তিত জমা কৰা হৈছে। বৰ্তমান কৃষকসকলে এই আঁচনিৰ চতুৰ্দশ কিস্তি লাভৰ বাবে অপেক্ষা কৰি আছে। কিন্তু চলিত মাহৰ শেষৰ ফালে কেন্দ্রই পি এম কিষাণৰ ধন জমা কৰাৰ সম্ভাৱনা আছে৷
ইতিমধ্যে চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত ১৩টা কিস্তি মুকলি কৰি দিছে। চতুৰ্দশ কিস্তিত বহু কৃষকে লাভ কৰিব ২ হাজাৰ টকা। কিন্তু একাংশ কৃষকে ১৪ কিস্তি হিচাপে লাভ কৰিব লগা হৈছে ৪ হাজাৰ টকা। কাৰণ পূৰ্বৰ কিস্তিত ২ হাজাৰ টকা নোপোৱা কৃষকসকলে এইবাৰ সেই ধন লাভ কৰিব। একাংশ কৃষকে ত্ৰয়োদশ কিস্তিত পুঁজি নাপালে, গতিকে পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’ল। বৃহৎ সংখ্যক কৃষকে এতিয়া পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। ইয়াৰ সৈতে তেওঁলোকে ২০০০ টকাৰ পৰিৱৰ্তে ৪ হাজাৰ টকা পাব।
কৃষকৰ চৰকাৰী PM-KISAN ৱেবছাইটৰ জৰিয়তে যোগ্যতা, হিতাধিকাৰী তালিকাত নাম আছে নে নাই আপুনি পৰীক্ষা কৰিব পাৰে।
- প্ৰথমে PM Kisan ৰ অফিচিয়েল ৱেবছাইট https://www.pmkisan.gov.in/ খুলি হোমপেজত Farmers corner section লৈ যাওক।
- তাৰ পিছত Beneficiary Status option ত ক্লিক কৰক।
- ইয়াত PM-Kisan Yojana ৰ সুবিধা লাভৰ বাবে যোগ্য হোৱা পেজত প্ৰয়োজনীয় সবিশেষ লিখি জানিব পাৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত আৰম্ভ কৰিছিল পিএম-কিষাণ আঁচনি। এই আঁচনিৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশতে খেতি কৰা মাটি থকা কৃষক পৰিয়ালসমূহক বিনিয়োগ সাহায্যৰ জৰিয়তে আৰ্থিক সুৰক্ষা প্ৰদান কৰা। যোগ্য হিতাধিকাৰীয়ে বছৰি ৬ হাজাৰ টকা লাভ কৰিব। প্ৰতিটো কিস্তিত ২০০০ টকাকৈ তিনিটা কিস্তিত নগদ ধন বিতৰণ কৰা হ’ব। কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন জমা হয়। কিন্তু এই আঁচনিৰ অধীনত সকলো কৃষকে সুবিধা লাভৰ যোগ্য নহয়।
প্ৰতিষ্ঠানিক মালিক, সাংবিধানিক পদত অধিষ্ঠিত কৃষক পৰিয়াল, বৰ্তমান বা অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া, ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা খণ্ডৰ সংগঠন আৰু চৰকাৰী স্বায়ত্তশাসিত সংস্থাৰ কৰ্মচাৰীক এই আঁচনিৰ পৰা বাদ দিয়া হৈছে। চিকিৎসক, অভিযন্তা, অধিবক্তাৰ দৰে পেছাদাৰী সকলৰ লগতে প্ৰতিমাহে ১০ হাজাৰতকৈ অধিক পেঞ্চন থকা অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ, যিসকলে পূৰ্বৰ মূল্যায়ন বৰ্ষত আয়কৰ পৰিশোধ কৰিছে, তেওঁলোকো প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ সুবিধাৰ বাবে অযোগ্য।