এটা ভাইৰেল ভিডিঅ’ আৰু তাৰ পাছতে তোলপাৰ সমগ্ৰ দেশ। যোৱা ৪ মে’ত মণিপুৰৰ কাংপকপি জিলাত সংঘটিত হৈছিল দেশ কপাইযোৱা এক দুষ্কাৰ্য । কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি দলৱদ্ধ ধৰ্ষণ কৰা হৈছিল মণিপুৰত। বুধবাৰে পোহৰলৈ আহিছিল মণিপুৰৰ উক্ত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাৰ দৃশ্য। সামাজিক মাধ্যমযোগে বিয়পি পৰিছিল এই সমগ্ৰ দৃশ্য। মেইটেই সম্প্ৰদায়ৰ একাংশ লোকে সংঘটিত কৰিছিল উক্ত জঘন্য কাণ্ডটো।
ইফালে ঘটনা পোহৰলৈ অহাৰ লগে লগে মুখ্যমন্ত্ৰী বীৰেণ সিঙে দাবী কৰিছিল যে সকলো অভিযুক্তকে গ্ৰেপ্তাৰ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিব।
শেষতীয়া খবৰ অনুযায়ী এতিয়ালৈ মণিপুৰৰ ভাইৰেল হোৱা ভিডিঅ সন্দৰ্ভত বৰ্তমান পৰ্যন্ত ৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে। এন বীৰেণ সিঙে এই গ্ৰেপ্তাৰৰ বিষয়ে জনায়।
বৃহস্পতিবাৰে পুৱা মূল অভিযুক্তটোক আটক কৰাৰ পাচত মণিপুৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই নিশা পৰ্যন্ত আন তিনি অভিযুক্তক আটক কৰে ৷ আটক কৰা প্ৰথম ব্যক্তিজন ঠৌবাল জিলাৰ মেইটেই সম্প্ৰদায়ৰ ‘হুইৰেম হীৰাদাস’ নামৰ কুকি প্ৰধান গাঁৱৰ বাসিন্দা ৷
“থৌবাল জিলাৰ নংপক ছেকমাই আৰক্ষী থানা অধীনত অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ জঘন্য অপৰাধৰ আৰু তিনি মূল অভিযুক্তক আজি গ্ৰেপ্তাৰ কৰা হৈছে । এতিয়ালৈকে মুঠ ৪ টাক গ্ৰেপ্তাৰ কৰা হৈছে” মণিপুৰ আৰক্ষীয়ে টুইটত কয় । মণিপুৰ আৰক্ষীয়ে লগতে অভিযান চলাই আন অভিযুক্তকেইটাক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ বাবে সৰ্বাত্মক প্ৰচেষ্টা চলোৱাৰ কথা টুইটত উল্লেখ কৰে । আৰক্ষীয়ে পাহাৰ আৰু উপত্যাকা উভয়তে চলোৱা এই তালাচী অভিযানৰ সময়ত আইন উলংঘনৰ সৈতে জড়িত মুঠ ৬৫৭ জন লোকক বৰ্তমান পৰ্যন্ত আটক কৰাৰো কথা টুইটত জানিবলৈ দিয়ে ৷