ৰঙিয়াত কিশোৰীক ধৰ্ষণ কৰি ভিডিঅ প্ৰস্তুত কৰা লম্পট যুৱক আৰক্ষীৰ জালত । ৰঙিয়াৰ গড়ভিতৰত কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ মানৱৰূপী দানৱ মিস্ত্ৰীৰ । ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট যুৱকে ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিলে । ইমানতে ক্ষান্ত নাথাকি ধৰ্ষণৰ সমষ্ট দৃশ্য বন্দী কৰে মোবাইলৰ কেমেৰাত । প্ৰস্তুত কৰিলে ধৰ্ষণকাণ্ডৰ সমস্ত ভিভিঅ । তাৰ পিছত নৰপিশাছ যুৱকে ভাইৰেল কৰিলে নিজৰ কু-কৰ্মৰ ভিভিঅ ।
এই সমস্ত ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ তুলসীবাৰী অঞ্চলত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । ইফালে ভুক্তভোগী কিশোৰীগৰাকীয়ে তুলসীবাৰী আৰক্ষী চকীত অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে গোচৰ তৰে । অভিযুক্তজনৰ বিৰুদ্ধে POCSO act ৰ অধীনত তুলসীবাৰী আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছে ।
পিছত দেওবাৰে আৰক্ষীয়ে ৰঙিয়াৰ গড়ভিতৰ গাঁৱত অভিযান চলায় । আৰক্ষীৰ অভিযানত অভিযুক্ত অমৃত দাস (২০) গ্ৰেপ্তাৰ হয় । ধৰ্ষণত অভিযুক্ত অমৃতক তুলসীবাৰী আৰক্ষী চকীত মাৰাঠান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।