কাৰ্বিআংলংত জব্দ অবৈধ ট্ৰাকভৰ্তী কাঠ

ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ অবৈধ সৰবৰাহ ।

কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ, বিশেষকৈ কাৰ্বিআংলংৰ পৰা বিভিন্ন ঠাইলৈ অব্যাহত আছে চোৰাং কাঠৰ অবৈধ সৰবৰাহ । শুকুৰবাৰে নিশা বাগৰি বনাঞ্চলিক কাৰ্যালয়ৰ তহলদাৰী বনকৰ্মীৰ এটা দলে অভিযান চলাই জব্দ কৰে AS02E7906 নম্বৰৰ এখন কাঠভৰ্তী ট্ৰাক ।

পমা কাঠভৰ্তী ট্ৰাকখনে কাৰ্বিআংলংৰ পৰা চোৰাংভাৱে কাঠখিনি নগাঁও অভিমুখে লৈ যোৱাৰ সময়তে কাঞ্চনজুৰী এলেকাত বন বিভাগৰ জালত পৰে । উল্লেখ্য যে বাগৰী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াই প্ৰকাশ কৰা অনুসৰি ট্ৰাকৰ চালক-হেণ্ডিমেনে পলায়ন কৰে ঘটনাস্থলীৰ পৰা । ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত চলাইছে বন বিভাগে।