ৰঙিয়াঃ কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ বাথান পানী যোগান আঁচনিত ব্যাপক অনিয়ম ৷
লক্ষ লক্ষ টকা ব্যয়ৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ আৰু দায়িত্বৰত ঠিকাদাৰৰ হেমাহিৰ বাবে দীৰ্ঘদিন ধৰি ৰাইজে পানী নোপোৱাৰ অভিযোগ । কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি জলজীৱন মিছন সম্পূৰ্ণৰূপে বিকল হৈ পৰি ৰৈছে ৰঙিয়াৰ কমলপুৰ সমষ্টিৰ বাথান পানী যোগান আঁচনি।
জনস্বাস্থ্য কাৰীকৰী বিভাগৰ ৰঙিয়া সংমণ্ডৰ অন্তৰ্গত বাথান পানী যোগান আঁচনিখনৰ অৱস্থা এতিয়া “আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল’’ৰ দৰে। এই আঁচনিখন থকাৰ পিছতো বাথানৰ ৰাইজে বিশুদ্ধ এটুপি খোৱাপানীৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ। স্থানীয় ৰাইজে বিকল হোৱা আঁচনিখন পুনৰ কাৰ্যকৰী কৰি তুলিবলৈ চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।
উল্লেখযোগ্য যে, অঞ্চলটোৰ পানীৰ উৎসসমূহত আইৰণকে ধৰি মানৱ দেহৰ বাবে ক্ষতিকাৰক বিভিন্ন যৌগ মিশ্ৰিত হৈ আছে যদিও আঁচনিখনৰ পানী যোগান বন্ধ হৈ পৰাত অঞ্চলটোৰ লোকসকলে অপৰিষ্কাৰ পানী সেৱন কৰিবলৈ বাধ্য হৈছে। কেইবা লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিওৱা জলজীৱন মিছনৰ এই আঁচনিখন এতিয়া অঞ্চলবাসীৰ বাবে বগাহাতীত পৰিণত হৈছে।
ৰাইজে শীঘ্ৰে এই পানী যোগান আঁচনিটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাইছে। অন্যথা গণতান্ত্ৰিকভাৱে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৰাইজে।