কামৰূপৰ ৰঙিয়াত “মোৰ মাটি মোৰ দেশ’’ কাৰ্য্যসূচী ৰূপায়ন

ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াত“মোৰ মাটি মোৰ দেশ’’ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত ৰঙিয়া সমষ্টিৰ চেপ্তি নকুল গাঁও পঞ্চায়তত “মোৰ মাটি মোৰ দেশ’’ কাৰ্য্যসূচী ৰূপায়ন কৰে।

চেপ্তি নকুল পঞ্চায়তৰ অধীনত থকা কেইবাটাও পৰিয়ালৰ পদূলিৰপৰা এই মাটি সংগ্ৰহ কৰে৷

অমৃত কলহ যাত্ৰা অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰঙিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জয়ন্ত কলিতা, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শীপ্ৰা দাস, বৈদ্যগড় পঞ্চায়তৰ সভাপতি দুলু ভুঞাৰ লগতে সহস্ৰাধিক আত্মসহায়ক গোটৰ মহিলা উপস্থিত থাকে ।