ধৰ্মৰ নামত সমাজখন হিংসা অনাচাৰে চানি ধৰাৰ মাজতে ৰঙিয়াত দেখা গ’ল সমন্বয়ৰ এক সুন্দৰ নিদৰ্শন । কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা পঞ্চাশৰো অধিক তীৰ্থ যাত্ৰীক খাদ্যৰ লগতে আশ্ৰয় স্থলৰ যোগান ধৰিলে ৰঙিয়াৰ হাইৱে চকত থকা ৰঙিয়া কেন্দ্ৰীয় মছজিদ কমিটিয়ে ।
৯ জুন শুক্ৰবাৰে পশ্চম বংগৰ বৰহমপুৰৰ পৰা মা কামাখ্যাৰ দৰ্শনৰ বাবে ৫৮ জন যাত্ৰী আহিছিল । দুদিনৰ যাত্ৰাৰ অন্তত সমুহ যাত্ৰীয়ে দেওবাৰে গুৱাহাটীত উপস্থিত হয় আৰু পিছত কামাখ্যা দৰ্শন কৰে । দৰ্শনৰ অন্তত যাত্ৰী সকলে মঙলবাৰে ওভতনি যাত্ৰা আৰম্ভ কৰে যদিও নিশা প্ৰায় দুই বজাত ৰঙিয়াৰ হাইৱে চকৰ কাষত বাছখন বিকল হৈ পৰে । বহিৰাজ্যৰ পৰা অহা ৰঙিয়াৰ ৰাজপথত বিমোৰত পাৰি ইফালে-সিফালে ঘুৰি ফুৰে ।
ইফালে ঘটনাটোৰ বিষয়ে অকনমান আতৰত থকা ৰঙিয়া হাইৱে চক কেন্দ্ৰীয় মছজিদ কমিটিৰ সদস্য কেইগৰাকীমানে গম পাই যাত্ৰী সকলক নিশাৰ ভাগতেই মছজিদলৈ নিমন্ত্ৰণ জনায় । যাত্ৰী সকলেও নিমন্ত্ৰণ ৰক্ষা কৰি মছজিদতেই আশ্ৰয় গ্ৰহণ কৰে । কিছু সময় পিছত মছজিদ কমিটিৰ সদস্য সকলে যাত্ৰী সকলৰ বাবে গা ধুৱাৰ লগতে খাদ্য আৰু বিশ্ৰামৰ ব্যৱস্থা কৰে । ইয়াৰ উপৰিও বিকল হৈ পৰা বাছখন মেৰামতি কৰিবলৈ মছজিদ কমিটিৰ সদস্য সকলে মেকানিকৰ সৈতেও যোগাযোগ কৰি দিয়ে ।
বাছখন ঠিক হোৱাৰ সময়খিনিলৈ তীৰ্থ যাত্ৰী সকলেও মছজিদত সময় অতিবাহিত কৰে । ধৰ্মৰ নামত চৌদিশে হিংসাৰ পৰিবেশ ৰচনা হোৱাৰ মাজতেই এই ঘটনাটোৱে সমাজখনলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে ।