কানাডাৰ পাঞ্জাবী গায়ক শুভৰ ভাৰত ভ্ৰমণৰ স্পনচৰছিপ প্ৰত্যাহাৰ boAt-ৰ

Entertainment Desk: ভাৰতীয় উপভোক্তা ইলেক্ট্ৰনিক্স কোম্পানী ব’ট (boAt)এ মঙলবাৰে এটা চছিয়েল মেডিয়া প্লেটফৰ্মৰ প্ৰেছ বিজ্ঞপ্তিত জনাইছে যে এই বছৰৰ আৰম্ভণিতে কৰা কিছুমান অযুক্তিকৰ ভাৰত বিৰোধী মন্তব্যৰ বাবে কানাডাস্থিত পাঞ্জাৱী গায়ক ‘শুভ’ৰ আগন্তুক ভাৰত ভ্ৰমণৰ স্পনচৰচিপ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে।

“boAt ৰ সংগীতিক ক্ষেত্ৰখনৰ সম্প্ৰদায়ৰ প্ৰতি আমাৰ দায়বদ্ধতা গভীৰ যদিও, আমি প্ৰথমে আৰু প্ৰধানকৈ এটা প্ৰকৃত ভাৰতীয় ব্ৰেণ্ড। সেয়েহে চলিত বৰ্ষৰ আৰম্ভণিতে শিল্পী শুভে কৰা মন্তব্যৰ বিষয়ে জানিব পাৰি আমি এই ভ্ৰমণৰ পৰা আমাৰ পৃষ্ঠপোষকতা প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লৈছো।” কোম্পানীটোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা এটা পোষ্টত এইদৰে কয়।

উল্লেখ্য যে, ২০২৩ চনৰ জানুৱাৰী মাহত শুভে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ভাৰতৰ বিকৃত মানচিত্ৰ পোষ্ট কৰিছিল, য’ত জম্মু-কাশ্মীৰ আৰু পঞ্জাৱ ৰাজ্যসমূহ আঁতৰাই পেলোৱা হৈছিল। ইয়াৰ ফলত ভাৰতত ক্ষোভৰ সৃষ্টি হৈছিল, কিয়নো বহু ভাৰতীয়ই ইয়াক বিচ্ছিন্নতাবাদী খালিস্তান আন্দোলনৰ সমৰ্থন হিচাপে দেখিছিল।

পিছত, বিকৃত মানচিত্ৰখন পোষ্ট কৰাৰ বাবে শুভে ক্ষমা বিচৰাৰ লগতে খালিস্তান আন্দোলনক সমৰ্থন কৰা বুলি অস্বীকাৰ কৰে। তেওঁ কৈছে যে তেওঁ এজন গৌৰৱান্বিত ভাৰতীয় আৰু তেওঁ নিজৰ দেশক ভাল পায়।

boAt’s পৃষ্ঠপোষকতা প্ৰত্যাহাৰ, ‘শুভ’ৰ ভাৰত ভ্ৰমণৰ বাবে এক বৃহং ক্ষতি। অৱশ্যে তেওঁ এই ভ্ৰমণকলৈ এতিয়াও আশাবাদী আৰু দৃঢ়প্ৰতিজ্ঞ বুলি কৈছে। লগতে ভাৰতীয় নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈ নিজৰ মতামত আলোচনা কৰাৰ লগতে যিকোনো ভুল বুজাবুজি পৰিষ্কাৰ কৰিবলৈও সাজু বুলিও কৈছে।

boAt’s পৃষ্ঠপোষকতা অবিহনে শুভে নিজৰ ভ্ৰমণ আগবঢ়াই নিব পাৰিবনে নাই সেয়া হ’ব লক্ষ্যণীয়। শুভক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পোহৰত আন ভাৰতীয় ব্ৰেণ্ডসমূহে এই ভ্ৰমণৰ পৃষ্ঠপোষকতা কৰিবলৈ ইচ্ছুক হ’ব নে নহয় সেয়াও বৰ্তমানলৈ স্পষ্ট নহয়।