Entertainment Desk: ৰাজস্থানৰ উদয়পুৰৰ লীলা পেলেচত অহা ২৪ ছেপ্তেম্বৰৰ দেওবাৰে অনুস্থিত হ’ব অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমি পাৰ্টীৰ সাংসদ ৰাঘব ছাড্ডাৰ বিবাহ অনুষ্ঠান।
আজি পুৱা পৰিয়ালসহ দুয়োগৰাকী উদয়পুৰৰ ডাবক বিমান বন্দৰত উপস্থিত হয়। তাৰ পৰাই সকলো বিয়াৰ বাবে সজাই পৰাই তোলা লীলা পেলেচলৈ ৰাওনা হয়।
দৰা কইনাৰ বাবে সাজু কৰা লীলা পেলেচ হোটেলৰ বিশেষ কোঠাৰ এদিনৰ ভাড়া ১০ লাখ টকা।
কাইলৈ সংগীত, মেহেন্দিকে ধৰি বিভিন্ন মাংগলিক অনুষ্ঠান হ’ব। দুয়োগৰাকীৰ এই বিয়াত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, ৰাজস্থানৰ মুখ্যমম্ভ্ৰী অশোক গেহলত, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলৰ লগতে চিনেমা আৰু ৰজনীতি জগতৰ বহু বিশিষ্ট ব্যক্তিও উপস্থিত থকাৰ কথা।
বিবাহ অনুষ্ঠানৰ বাবে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। পঞ্জাব আৰু ৰাজস্থান আৰক্ষীৰ লগতে ১০০ ব্যক্তিগত খণ্ডৰ দেহৰক্ষী মোতায়ন কৰা হৈছে। যোৱা মে’ত দিল্লীত দুয়োগৰাকীৰ বাগদান অনুষ্ঠান সম্পন্ন হৈছিল।