টীয়কঃ এতিয়া পবিত্ৰ ভাদ মাহ। সমগ্ৰ ৰাজ্যৰ নামঘৰ সত্ৰত দিনে নিশাই চৰ্চা চলিছে মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিৰাজিৰ।
হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌপাশ। এয়া টীয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পৰিবেশ, ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে আউনীআটী সত্ৰটো ভাদমহীয়া নাম প্ৰসংগ অবিৰামভাৱে চলি আছে।
সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীৰ পৃষ্ঠপোষকতাত চলিছে ভাগৱত ব্যাখ্যা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ আহি নেদেখাজনৰ চৰণত সেৱা লৈ এই নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে মাহজোৰাকৈ ভাদমহীয়া এই নাম উৎসৱৰ লগত সংগতি ৰাখি নিতৌ দিহানাম, মহাপুৰুষ দুজনাৰ তিথিত ভাওনাকে ধৰি বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ লগতে সত্ৰখনৰ তথা সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা কেইবাজনো স্বনামধন্য ব্যক্তিক সম্বৰ্ধনা জনোৱাৰো এক কাৰ্যসূচী ৰূপায়ণ কৰিব সত্ৰই। সেয়ে এই ভাদমহীয়া প্ৰতিটো কাৰ্যসূচীত সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহযোগিতা আশা কৰিছে সত্ৰাধিকাৰগৰাকীয়ে।