কলহভাঙা পঞ্চায়তৰ উন্নয়নৰ ফপোলা স্বৰূপ । ৰাস্তাত কঠিয়া ৰুই প্ৰতিবাদ কৰিলে একাংশ পুৰুষ- মহিলা
অসমৰ চৰকাৰে উন্নয়নৰ শ্লোগান বুকু ফালি চিঞৰি থাকিলেও তাৰ ওলোটা দৃশ্য দেখিবলৈ পোৱা যায় ৰায়পুৰ গাঁৱত।
কলহভাঙা পঞ্চায়তৰ ৰায়পুৰ গাৱৰ ৩ নং খণ্ডৰ পুখুৰী সদৃশ পৰিবেশ ৰাস্তাঘাট।
যমৰ-যাতনাত ভুক্তভোগী ৰাইজে ৰাস্তাত কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে
ইপিনে পঞ্চায়তৰ সভাপতি আবু তাহেৰ, ৩ নং খণ্ডৰ সদস্যা ৰেহালা খাতুন, জিলা পৰিষদৰ সদস্য, সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ হায়- হায়, মুৰ্দাবাদ ধ্বনি দি উত্তাল কৰি তুলে ।
বাৰ বাৰ অভিযোগ দিয়া সত্ত্বেও কোনো কাণহাৰ নাই পঞ্চায়তৰ সভাপতি আবু তাহেৰ আৰু ৩ নং খণ্ডৰ সদস্যা ৰেহালা খাতুন, সমষ্টিৰ প্ৰাক্তন বিধায়কৰ লগতে বৰ্তমানৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ
নিতৌ স্কুলীয়া ছাত্ৰ-ছাত্ৰী স্থানীয় ৰাইজে অহা যোৱাত অসুবিধা সম্মুখীন হব লগা হৈছে । ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যোৱাৰ সময়ত তেওলোকৰ ইউনিৰ্ফম নষ্ট হোৱা পৰিলক্ষিত হৈছে।
অৱশেষত ৰাইজে চৰকাৰক আহ্বান জনায় অতি শীঘ্ৰে ৰাস্তা ঘাট মেৰামতি কৰি দিয়ে ।