কলহভাঙা গাওঁ পঞ্চায়তত অমৃত কলহ যাত্ৰা সভা সম্পন্ন।
সৰভোগঃ ২০২২ চনৰ ১৫ আগষ্টত আমাৰ দেশে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছিল। এই বিৰল উপলক্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই দেশজুৰী স্বাধীনতাৰ অমৃত মহোৎসৱ উৎযাপন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল। তদুপৰি ভাৰতৰ স্বাধীনতাৰ শতবৰ্ষলৈকে এই সময়ছোৱাক অমৃত কাল হিচাপে চিহ্নিত কৰি তেখেতে এক মহৎ স্বপ্ন দাঙি ধৰিছিল।
অমৃত কালৰ সূচনা পৰ্বত প্ৰধানমন্ত্ৰীৰ অকুন্ঠ প্ৰেৰণাত অসমত ২০ চেপ্তেম্বৰ ২০২৩ৰ পৰা অমৃত কলহ যাত্ৰা আৰম্ভ হয়। ইয়াৰ লগত সংগতি ৰাখি, বৰপেটা জিলাৰ কলহভাঙা গাওঁ পঞ্চায়তৰ বীৰঙ্গণা ভি অৰ উদ্যোগত আৰু আত্ম সহায়ক গোটৰ সহযোগত অমৃত কলহ যাত্ৰা সভা অনুষ্ঠিত কৰে।
২০ চেপ্তেম্বৰৰ পৰা ১ অক্টোবৰ লৈকে নিৰ্দিষ্ট ৱাৰ্ডৰ প্ৰতি ঘৰৰ মাটি অথবা চাউল অমৃত কলহত সংগ্ৰহ কৰি আজি পঞ্চায়তত মাটি সংমিশ্ৰণ কৰি এটা কলহত ভৰ্তি কৰে । পৰবৰ্তী সময়ত এই মাটিখিনি দিলীলৈ যাব বুলি উল্লেখ কৰে । গাওখনৰ বহুতো বয়োজেষ্ঠ মহিলাৰ উপস্থিতিত এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত প্ৰায় পাঁচ শতাধিক মহিলাই অংশগ্ৰহণ কৰি অনুষ্ঠান সাফল্য মণ্ডিত কৰি তোলে।