কলগাছিয়াত বাল্য বিবাহৰ বিৰুদ্ধে চলিল অভিযানঃ 20 জনক আটক

কলগাছিয়াঃ ৰাজ্যত পুনৰ আৰম্ভ হৈছে বাল্য বিবাহ আইন  ভংগকাৰী সকলৰ বিৰুদ্ধে অভিযান। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে সোমবাৰে নিশা বাল্য বিবাহ আৰু বে-আইনী স্বামীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীয়ে চলাইছিল অভিযান । আৰক্ষীয়ে এই অভিযানৰ সময়ত ৮ গৰাকী বাল্য বিবাহ আইন ভংগ কৰা স্বামী, ১০ গৰাকী অভিভাৱক আৰু ২ জন কাজীৰ লগতে সৰ্বমুঠ ২০ জন লোকক আটক কৰে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰথম অভিযানত আৰক্ষীয়ে উজনিৰ পৰা নামনিলৈ, ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ, গাঁৱে-ভূৱে অলিয়ে গলিয়ে বে-আইনী স্বামীৰ বিৰুদ্ধে চলাইছিল বৃহৎ অভিযান। এই অভিযানত গ্ৰেপ্তাৰ হৈছিল বাল্য বিবাহ আইন ভংগ কৰা স্বামীৰ লগতে বাল্য বিবাহৰ লগত জড়িত অভিভাৱকসকলো।

সোমবাৰে নিশাও পুনৰ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ বিভিন্ন এলেকাত অভিযান চলাই আৰক্ষীয়ে কেবাজনো বাল্য বিবাহ আইন ভংগ কৰা স্বামীৰ লগতে বাল্য বিবাহৰ লগত জড়িত অভিভাৱকক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, মঙলবাৰে পুৱতি নিশালৈকে চলিল আৰক্ষীৰ এই অভিযান ।