ৰঙিয়াঃ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পূব বোৰ্কা গাৱঁৰ এডৰা মাটি দুবাৰকৈ বিক্ৰী কৰাৰ অভিসন্ধি কৰাকলৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পট্টা নং ৩৬৮ আৰু দাগ নং ৩৯৯ ৰ ছয় কঠা ভূমি প্ৰায় ষাঠি বছৰ পূৰ্বে মানিক দাসে নবিন কলিতাৰ তাত বিক্ৰী কৰিছিল। সেই মতে নবিন কলিতাৰ পৰিয়ালে মাটি ডৰা বিধিগত ভাবে ভোগ দখল কৰি আছিল ।
সম্প্ৰতি প্ৰয়াত মানিক দাসৰ পুত্ৰ প্ৰদীপ দাসে কুটকৌশল ৰচনা কৰি পুনৰ উক্ত মাটি ডৰা বিক্ৰী কৰাৰ বাবে অভিসন্ধি কৰা বুলি বৰ্তমানৰ মাটিৰ গৰাকী অশোক কলিতাই গুৰুতৰ অভিযোগ কৰিছে। এই মাটি ডৰা অশোক কলিতাৰ ককা নবিন কলিতাই যে ক্ৰয় কৰিছিল সেইটো নিশ্চিত কৰিবলৈ স্থানীয় শ-শ লোক ওলাই আহিল।
ইফালে মাটি ডৰা যে প্ৰদীপ দাস হঁতৰে হয় ইয়াক প্ৰমাণ কৰিবলৈ একাংশ মহিলাক চৰকাৰী আঁচনি দিয়াৰ প্ৰলোভনেৰে স্বাক্ষৰ আনিছিল প্ৰদীপ দাসে । আনকি অশোক কলিতাক দালাল সজোৱাৰো অভিসন্ধি কৰিছিল প্ৰদীপ দাসে ।
পিছত স্বাক্ষৰ কৰা মহিলা সকলে এই কাৰ্যৰ বাবে কোনো কাৰনতে স্বাক্ষৰ কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত ষ্পষ্ট কৰিলে । এতিয়া ৰাইজে বিষয়টো মীমাংসাৰ বাবে কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীৰ হস্তক্ষেপ দাবী কৰিছে ।