পঞ্চায়ত সভানেত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল কমলপুৰৰ আঠগাঁও।
কমলপুৰ সমষ্টিৰ অন্তৰ্গত আঠগাওঁ পঞ্চায়তৰ ১নং আঠগাৱৰ কেইবাটাও পথে জ্বলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক। উল্লেখ্য যে পঞ্চায়তটোৰ গাতে লাগি থকা থকা উক্ত পথকেইটাৰ জৰাজীৰ্ণ অৱস্থাৰ কথা পঞ্চায়ত সভানেত্ৰী কবিতা দাসক অৱগত কৰাৰ পাছতো বাৰম্বাৰ আশ্বাস প্ৰদান কৰি আহিছে কিন্তু আশ্বাস আশ্বাস হৈয়ে ৰল কিন্তু পথত এচপৰা মাটিও নপৰিল।
পঞ্চায়তটোৰ গাতে লাগি থকা পথৰ এনেকুৱা দুৰৱস্থাই পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে পঞ্চায়তটোত কিমান উন্নয়ন কৰিলে তাকলৈও প্ৰশ্ন উত্থাপন হৈছে। সভানেত্ৰী গৰাকীয়ে নিজৰ স্বাৰ্থৰ বাবে বহু কিবাকিবি কৰিলে কিন্তু ৰাইজৰ কাৰণে একো গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ তোলে।
ইফালে বিধায়ক দিগন্ত কলিতাৰ শিংৰাস্থিত বাসভৱনপৰা মাত্ৰ এক দুই কিলোমিটাৰ নিলগৰ পথৰ দুৰৱস্থাত জৰ্জৰিত হৈ থকা অঞ্চলটোৰ লোকসকলেও বিধায়ক গৰাকীৰ ওপৰত অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে।