ৰঙিয়াঃ কমলপুৰ জনপ্ৰিয় ক্লাৱৰ উদ্যোগত কমলপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক অনন্ত ৰাম দাস আৰু গণপতি মজুমদাৰ সোঁৱৰণি চলন্ত ট্ৰফী আৰু প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয় খন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হয় অসমী ক্লাব, পুঠিমাৰী আৰু জাপিয়া ভাই ভাই ক্লাবৰ মাজত ।
তীব্ৰ উৎত্তেজনাপূৰ্ণ খেলখনত অসমী ক্লাব, পুঠিমাৰী য়ে বিপক্ষ জাপিয়া ভাই ভাই ক্ৰীড়া সন্থাক ট্ৰাই বেকাৰ পদ্ধতিৰে পৰাভূত কৰি চেমি ফাইনেলত প্ৰবেশ কৰে ।
প্ৰতিযোগিতাখনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কমলপুৰৰ বিশিষ্ট ব্যৱসায়ী মিণ্টুল আলিয়ে। অহা ১০ চেপ্টেম্বৰত তৃতীয় খন কোৱাৰ্টাৰ ফাইনেল খেল কমলপুৰ ষ্টাৰ ক্লাব আৰু উত্তৰ গুৱাহাটী এফ চি ৰ মাজত অনুষ্ঠিত হব।