ৰঙিয়াঃ অসম জাতীয় পৰিষদক বিধায়ক দিগন্ত কলিতাৰ পৰামৰ্শ । অসম জাতীয় পৰিষদ এতিয়া বিজেপিৰ তুলনাত একেবাৰে ফুল কুমলীয়া । তেওলোকে ২০টা বছৰ অসমত কষ্ট কৰক । তাৰ পিচত তেওলোকে সফলতা লাভ কৰিব ।
যিদৰে বিজেপিৰ ১৯৮০ চনত সাংসদ আছিল দুজন আৰু আজি সাংসদৰ সংখ্যা ৩০০ । বিজেপিয়ে ইমান বছৰে কষ্ট কৰি ৩০০ সাংসদ পাবলৈ সক্ষম হৈছে । সেয়ে অসম জাতীয় পৰিষদকো কষ্ট কৰিবলৈ আহ্বন জনাইছে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই ।
সমষ্টিৰ কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত জনজাতি কল্যাণ বিভাগৰ দ্বাৰা আবন্তিত এম্বুলেঞ্চ সেৱাৰ শুভ মুকলি অনুষ্ঠানত উপস্থিত থাকি এইদৰে কয় বিধায়ক গৰাকীয়ে ।
আনফালে পিযুষ হাজৰিকাক গৰম ভাতৰ ধোঁৱাই খোৱা আৰু অহংকাৰি হোৱা বুলি প্ৰদ্যুৎ বৰদলৈয়ে কটাক্ষ কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক দিগন্ত কলিতাই কয় কংগ্ৰেছ দলটোকহে আত্ম অহংকাৰি দল বুলি উল্লেখ কৰে । ১২০ বছৰ শাসন কৰা দলটোৱে কি কাৰনত ট্ৰিপোল ডিজিতৰ পৰা ডাবোল ডিজিত হব লগীয়া হ’ল বুলি প্ৰশ্ন বিধায়ক গৰাকীৰ । বিধায়ক গৰাকীয়ে প্ৰধান মন্ত্ৰীৰ অহংকাৰ আছে নে ৰাহুল গান্ধীৰ অহংকাৰ আছে বুলিও প্ৰশ্ন কৰে । এতিয়া কংগ্ৰেছৰ দলৰ স্থিতি আৰু ভেটি নাই বুলি কয় বিধায়ক দিগন্ত কলিতাই ।