কমলপুৰৰ বোৰকা মধ্য কামপীঠ মহাবিদ্যালয় অনা- শিক্ষক কৰ্মচাৰী বহিল কৰ্মবিৰতিত

ৰঙিয়াঃ কমলপুৰৰ বোৰকা মধ্য কামপীঠ মহাবিদ্যালয় অনা- শিক্ষক কৰ্মচাৰী বহিল কৰ্মবিৰতিত। ২০২১ চনৰ ফেব্ৰুৱাৰীত ৰাজ্যৰ ৩৩খন মহাবিদ্যালয় প্ৰাদেশীকৰণ কৰিছিল ৷ এই মহাবিদ্যালয় সমূহৰ অনা-শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি আজিও পূৰ্ণ পৰ্যায়ত হৈ নুঠিল ৷ ৰাজ্যৰ ৩৩ খন মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীসকলৰ লগতে বোৰ্কা মধ্য কামপীঠ বিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰী সকলেও ৫ ৭ আৰু ৮ তাৰিখত তিনিদিনীয়াকৈ কৰ্মবিৰতি ঘোষণা কৰি কৰ্মৰ পৰা বিৰত থাকে ।

মহাবিদ্যালয়ত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীৰ দৰমহা আৰু ভাট্টা নিয়মীয়াকৈ প্ৰদানৰ দাবীত পালন কৰা কৰ্মবিৰতিৰ ফলত মহাবিদ্যালয় খনিৰ যথেষ্ট কাম কাজ পিছ পৰি ৰৈছে। মধ্য কামপীঠ বিদ্যালয়ৰ অধ্যক্ষই কয় যে আন শিক্ষক কৰ্মচাৰী খিনিক যাতে চৰকাৰে মহিলী ভাত্বা বঢ়াই দি ফিক্স পেৰ পৰা নিয়মীয়া কৰি দিয়ে তাৰে আহ্বান জনায় মুখ্য মন্ত্ৰী লগতে শিক্ষা মন্ত্ৰীক ।