ৰঙিয়াঃ কমলপুৰৰ বোৰকা মধ্য কামপীঠ মহাবিদ্যালয় অনা- শিক্ষক কৰ্মচাৰীৰ কৰ্মবিৰতি।
চৰকাৰে ২০২১ চনৰ ফেব্ৰুৱাৰীত ৰাজ্যৰ ৩৩খন মহাবিদ্যালয় প্ৰাদেশীকৰণ কৰিছিল৷ এই মহাবিদ্যালয় সমূহৰ অনা-শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি আজিও পূৰ্ণ পৰ্যায়ত হৈ নুঠিল৷
ৰাজ্যৰ ৩৩ খন মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীসকলৰ লগতে আজিৰে পৰা বোৰকা মধ্য কামপীঠ বিদ্যালয় অনা শিক্ষক কৰ্মচাৰী সকলে তিনিদিনীয়াকৈ কৰ্মবিৰতি ঘোষণা কৰি কৰ্মৰ পৰা বিৰত থাকিল। মহাবিদ্যালয়ত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীৰ দৰমহা আৰু ভাট্টা নিয়মীয়াকৈ প্ৰদানৰ দাবীত কৰ্মবিৰতি।