গুৱাহাটীঃ বিগত ৮টা বছৰৰ দৰে এইবাৰও অসমৰ এটি অন্যতম প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন ‘নৱ প্ৰভাতে’ প্ৰদান কৰিছে কেইবাটাও শিতানত বঁটা।
এইবাৰ ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত ব্যক্তিক প্ৰদান কৰা হৈছে এই বঁটাসমূহ। অসম অনুসূচিত জাতি প্ৰাণ বঁটা, অসম অনুসূচিত জাতি গৌৰৱ বঁটা, অসম অনুসূচিত জাতি শিল্পী বঁটা, অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা প্ৰদান কৰিছে সংগঠনটোৱে।
২০২৩ বৰ্ষৰ অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটাৰ বাবে নিৰ্বাচিত যুৱ সংগীত শিল্পী সংস্কৃতা মালাকাৰ আৰু আৰু যুৱ অভিনেতা তথা নাট্যকাৰ বিজিত কুমাৰ দাসে শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে এই বঁটা গ্ৰহণ কৰে অসমৰ ৰাজ্যপাল গোলাপচান্দ কাটাৰিয়াৰ হাতৰ পৰা । বঁটা গ্ৰহণৰ মুহূৰ্তত মঞ্চত উপস্থিত থাকে প্ৰথিতযশা কণ্ঠশিল্পী মণিষা হাজৰিকা।
বিশিষ্ট কবি- সাহিত্যিক তথা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা গোবিন্দ মালাকাৰৰ কন্যা সংস্কৃতা মালাকাৰৰ এই সফলতাত অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছে অসমৰ অন্যতম সাহিত্য- সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমে। বিৰিণা গোষ্ঠী-অসমৰ সভাপতি লীলাধৰ পাঠক আৰু সম্পাদক তফিকুৰ ৰহমানে সংস্কৃতা মালাকাৰলৈ অভিনন্দন জ্ঞাপন কৰি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।