কণিহাত ৰাজতিলক থিয়েটাৰ উপভোগ কৰিবলৈ দৰ্শকৰ ভিৰ

কণিহাৰ মিলন চ’কত ৰাজতিলক থিয়েটাৰৰ দ্বিতীয় নিশাৰ নাট অৰ্ধনাৰী-২ উপভোগ কৰিবলৈ দৰ্শকৰ ভিৰ।

ৰঙিয়াঃ কণিহাৰ মিলন চ’কত ৰাজতিলক থিয়েটাৰৰ দ্বিতীয় নিশাৰ নাট অৰ্ধনাৰী-২ উপভোগ কৰিবলৈ দৰ্শকৰ ভিৰ। স্থানীয় দুৰ্গা মন্দিৰৰ নিৰ্মাণৰ সাহাৰ্যথে আমন্ত্ৰণ কৰা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল ৰাজতিলক থিয়েটাৰৰ ব্যয়বহুল প্ৰযোজনা অৰ্ধনাৰী-২ নাটখনে খলকনি লগাই আহিছে।

ভ্ৰাম্যমাণৰ বাদশ্বাহ খ্যাত অভিনেতা চম্পক শৰ্মা ৰচিত আৰু পৰিচালিত তীব্ৰ উৎকণ্ঠাময় নাটখন চাবলৈ বৃহত্তৰ অঞ্চলটোৰ কলানুৰাগী ৰাইজে দ্বিতীয় নিশাও ভিৰ কৰে। ইফালে নাট্যনুৰাগী ৰাইজৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে পৰিচালনা সমিতিৰ সম্পাদক ধীৰেণ চন্দ্ৰ কলিতা আৰু ৰঙিয়া মহকুমা ছাত্র সন্থাৰ সভাপতি জিতু ডেকাই।

দুয়োটি নিশাতে দৰ্শকৰ সহাৰিৰ বাবে শলাগ লোৱাৰ লগতে তৃতীয় তথা অন্তিম নিশাৰ পল্লৱ পবন ৰচিত ‘বুৰ্বক কলিজা’ নাটখন উপভোগ কৰাৰ বাবে দৰ্শক ৰাইজৰ প্ৰতি নিবেদন জনাই উদ্যোক্তা সমিতিৰ বিষয়ববীয়া দুগৰাকীয়ে ।