কঞা আৰক্ষীৰ সাফল্য: ডকাইত মণিৰুদ্দিন আহমেদক গ্ৰেপ্তাৰ।

কঞা আৰক্ষীয়ে দুৰ্ধষ ডকাইত মণিৰুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অল্টো কাৰ নগদ ত্ৰিছহাজাৰ টকা আৰু তিনিটা মোবাইল সহ গ্ৰেপ্তাৰ ডকাইত মণিৰুদ্দিন।

শুক্ৰবাৰে আৰক্ষীয়ে, কঞা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ধুহিবালা ৰ দুৰ্দুৰ্ষ ডকাইত মণিৰুদ্দিন আহমেদ ওৰফে গান্ধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে তিনিটা মোবাইল, এখন অল্টো কাৰ আৰু নগদ ত্ৰিছহাজাৰ টকা সহ গ্ৰেপ্তাৰ কৰে ডকাইত মণিৰুদ্দিন আহমেদ ওৰফে গান্ধীক।

জানিবলৈ পৰা মতে কঞা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰমোদ কোঁৱৰৰ নেতৃত্বত বিশেষ সুত্ৰৰ পমখেদি বালিসত্ৰৰ গোলাঘাটত বহু দিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি অহা দুৰ্দুৰ্ষ ডকাইত মণিৰুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰে। কামৰূপ নলবাৰীৰ লগতে বিভিন্ন ঠাইত সন্ত্ৰাসৰ সৃষ্টি কৰা গভাইত ডকাইত মণিৰুদ্দিন ওৰফে গান্ধী বৰ্তমান কঞা আৰক্ষী থানাৰ লক আপত। কঞা আৰক্ষীয়ে সন্ত্ৰাসৰ সৃষ্টিকাৰী ডকাইতৰ দলত কোন কোন জড়িত আছে তাৰ ওপৰত সোধপোছ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে চাৰিদিন আগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰমোদ কোঁৱৰৰ নেতৃত্বত এজন ড্ৰাগছ সহ বেপাৰী আটক কৰিবলৈ সক্ষম হৈছিল।