কঞাঁত নিৰ্মাণ শ্ৰমিক ইউনিয়ন(CITU)ৰ বিক্ষোভ কাৰ্য্যসূচী৷
বিজেপি চৰকাৰৰ শ্ৰমিক শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে দেশজুৰি আৰম্ভ হৈছে উক্ত বিক্ষোভ কাৰ্য্যসূচী৷
বিজেপি চৰকৰ ক্ষমতালৈ অহাৰ পিচতে শ্ৰমিক তথা জনসাধাৰণৰ জীৱনলৈ বহুমুখী আক্ৰমণ নামি আহিছে৷ নিত্য ব্যৱহাৰ্য্য সামগ্ৰী সমূহৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ জীৱনত ভয়ঙ্কৰ সমস্যা হিচাবে দেখা দিছে৷ নিম্নতম মজুৰি ঘোষনা নকৰাৰ ফলত শ্ৰমিকৰ প্ৰকৃত মজুৰি প্ৰতিদিনে নিম্নগামী হৈছে৷ মজুৰিৰ সলনি নামমাত্ৰ মাননি দি চৰকাৰে নিজে কৰা আইন নিজে ভংগ কৰিছে৷
আনহাতে সাম্প্ৰদায়িক বিভাজনবাদী মতাদৰ্শই শ্ৰমিক শ্ৰেনীৰ ওপৰত তীব্ৰ আক্ৰমণ নমাই আনিছে৷ এনেবোৰ শ্ৰমিক বিৰূধি নীতিৰ বিৰূদ্ধে চি আই টি ইউ, অসম ৰাজ্যিক কমিতিৰ আহ্বান মৰ্মে আজি কঞাঁ ৰাজহচক্ৰৰ কাৰ্য্যালয়ৰ সন্মুখত পশ্চিম বড়িগোগ আঞ্চলিক নিৰ্মাণ শ্ৰমিক ইউনিয়নে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়িত কৰে৷
শ্ৰমিক নেতা হৰিপদ তালুকদাৰৰ নেতৃত্বত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সভাপতি বসন্ত কলিতা আৰু সম্পাদক তাৰিণী কলিতাৰ সহযোগত অনুষ্ঠিত বিক্ষোভ কাৰ্য্যসূচীত শতাধিক শ্ৰমিকে বিভিন্ন শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে৷ উক্ত বিক্ষোভ স্থলীত ৰাজ্যিক শ্ৰমিক নেতা জাকিৰ হুছেইনে অংশলৈ চৰকাৰ শ্ৰমিক বিৰুধি নীতিৰ বিষয়ে অৱগত কৰে৷