ওড়িশাৰ ৰে’ল দুৰ্ঘটনাক লৈ দেশজুৰি অব্যাহত আছে চাঞ্চল্য

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাক লৈ দেশজুৰি অব্যাহত আছে চাঞ্চল্য । ইতিমধ্যে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰো ঘোষণা কৰিছে চৰকাৰে । ইয়াৰ মাজতে শনিবাৰে বাহানাগাৰ দুৰ্ঘটনাস্থলীত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত থকা উচ্চ পদস্থ বিষয়াসকলৰ সৈতে পৰিস্থিতি সম্পৰ্কে বাৰ্তালাপ কৰে । পৰিদৰ্শনৰ সময়ত প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ধৰ্মেন্দ্ৰ প্ৰধানো উপস্থিত থাকে । দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী আহত সকলৰো স্বাস্থ্যৰ বুজ লয় । কটকত চিকিৎসাধীন আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে স্থানীয় প্ৰশাসন তথা চৰকাৰক সকলো সম্ভৱ সহায়ৰ নিৰ্দেশ দিয়ে । ইফালে দুৰ্ঘটনাটোত নিহতসকলৰ পৰিয়াল লৈও সমবেদনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৰে’ল দুৰ্ঘটনাৰ সন্দৰ্ভত পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠকও আহ্বান কৰে ।

ইয়াৰ মাজতে ৰে’ল বিভাগে শনিবাৰে কয় যে ওড়িশাৰ বালাছোৰ জিলাত নিশা তিনিখনকৈ ৰে’ল লাইনচ্যুত হোৱা পথটোত ‘কৱচ’ সুৰক্ষা ব্যৱস্থা নাছিল। যাৰ বাবে ২৮০ জনকৈ লোক এই পৰ্যন্ত মৃত্যমুখত পৰিছে । আনহাতে, দুৰ্ঘটনাটোত আহত হৈছে প্ৰায় ৯০০ গৰাকী লোক । ইফালে ৰে’লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাই উদ্ধাৰ অভিযান সমাপ্ত হোৱা বুলি কৈ নিশ্চিত কৰে যে পথটোত কৱচ সুৰক্ষা ব্যৱস্থা উপলব্ধ নাছিল ।