ওড়িশাৰ বালাচোৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, কৰমণ্ডল এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষ, এতিয়ালৈকে ৬৫০ জন যাত্ৰী আহত আৰু ২৬১ জন লোকৰ মৃত্যু ।
ওড়িশাত বালাচোৰত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। বালাচোৰৰ বাহনাগা ষ্টেচনৰ সমীপত কৰমণ্ডল এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত এক মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে যাত্ৰীবাহী কৰমণ্ডল এক্সপ্ৰেছ (১২৮৪১)ৰ ৫টা দবা লাইনচ্যুত হয়। PTIৰ বাতৰি অনুসৰি এই দুৰ্ঘটনাত এতিয়ালৈকে ৬৫০ জন লোক আহত হোৱাৰ লগতে ২৬১ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। অৱশ্যে এতিয়ালৈকে ৰে’ল বিভাগৰ তৰফৰ পৰা কোনো অফিচিয়েল তথ্য প্ৰকাশ কৰা নাই। আহতসকলক সোৰো চি এইচ চি, গোপালপুৰ চি এইচ চি আৰু খানতাপাডা পি এইচ চিত ভৰ্তি কৰোৱা হৈছে। অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে স্থানত উপস্থিত হৈছে NDRF দল। ওড়িশা অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ ২৬ জনীয়া অতিৰিক্ত উদ্ধাৰকাৰী দলো প্ৰেৰণ কৰা হৈছে।
ওড়িশাৰ মুখ্য সচিবে জনোৱা মতে, মানুহ নিবলৈ প্ৰায় ৫০খন এম্বুলেন্স নিয়োগ কৰা হৈছে। আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰিত কৰিবলৈ বৃহৎ সংখ্যক বাছ মোতায়েন কৰা হৈছে। বিশেষ সাহায্য আয়ুক্তৰ কাৰ্যালয়ে জনোৱা মতে, বালাচোৰৰ কালেক্টৰকো সেই স্থানত উপস্থিত হৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ৰাজ্যিক পৰ্যায়ৰ পৰা অতিৰিক্ত সহায়ৰ প্ৰয়োজন হ’লে এছ আৰ চিক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
আশংকা কৰা হৈছে, উদ্ধাৰকাৰ্য যিমানেই আগুৱাব, নিহত আৰু আহত লোকৰ সংখ্যা অধিক বৃদ্ধি পাব। এতিয়াও বহু যাত্ৰা আবদ্ধ হৈ থাকিব পাৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে। গভীৰ নিশা ৰে’লৰ দৰ্জা ভাঙি, গেছ কাটাৰ ব্যৱহাৰ কৰি উদ্ধাৰকাৰ্য চলোৱা হয়। প্ৰতি মুহূৰ্ততে ঘটনাৰ খবৰ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কয়, “ওড়িশাত সংঘটিত ৰে’ল দুৰ্ঘটনাত মই দুঃখিত। এই শোকৰ সময়ত মোৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা। আঘাতপ্ৰাপ্তসকল সোনকালে সুস্থ হৈ উঠক। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছো। দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি থকাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে।”
কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাৰ ফলত মৃতকৰ পৰিয়াল আৰু আহতসকললৈ ক্ষতিপূৰণ ঘোষণা কৰিছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ৰে’ল দুৰ্ঘটনাত মৃতকৰ পৰিয়ালৰ বাবে ১০ লাখ টকাকৈ, গুৰুতৰভাৱে আহতসকললৈ ২ লাখ টকাকৈ আৰু সামান্যভাৱে আঘাতপ্ৰাপ্তসকললৈ ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।
ঘটনাৰ পিছত ৰে’ল কৰ্তৃপক্ষৰ ফালৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। ঘটনাৰ বিস্তাৰিত তথ্য আৰু আহতসকলৰ সন্ধানৰ বাবে মুকলি কৰা হেল্পলাইন নম্বৰসমূহ হ’ল – হাওৰা ডিভিজনৰ বাবে – 033-26382217, খড়গপুৰ ডিভিজনৰ বাবে 8972073925 // 9332392339, বালেশ্বৰ হেল্পলাইন – 8249591559/ 7978418322, শালিমাৰ হেল্পলাইন – 9903370746।