শিৱসাগৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা শিৱসাগৰৰ ঐতিহাসিক পহুগড়ত ৰবিবাৰে অনুষ্ঠিত হয় বৰশী টোপাই মাছ ধৰা প্ৰতিযোগিতা।
এছিয়াৰ প্ৰথমখন চিৰিয়াখানা খ্যাত পহুগড়ত কেইগৰাকীমান উদ্যমী মৎস্য পালকৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই আকৰ্ষনীয় প্ৰতিযোগিতা।
উজনি অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৬০০ ৰো অধিক প্ৰতিয়োগীয়ে।
অসমৰ উপৰিও অৰুণাচল, নাগালেণ্ড, কেৰেলা আদি ৰাজ্যৰ পৰাও প্ৰতিযোগী আহি অংশগ্ৰহণ কৰে বৰশী টোপাই মাছ ধৰা প্ৰতিযোগিতাত।
প্ৰতিযোগিতাত মুঠ ৯ লাখ ৪০ হাজাৰ টকা পুৰষ্কাৰ হিচাপে আগবঢ়োৱাৰ ব্যৱস্থা কৰে উদ্যোক্তা সকলে। আটাইতকৈ ডাঙৰ মাছ ধৰা প্ৰতিযোগী গৰাকীক ৪ লাখ টকা পুৰষ্কাৰ হিচাপে আগবঢ়োৱা হয় । মুঠ ১৮ গৰাকী প্ৰতিযোগীলৈ পুৰষ্কাৰ হিচাপে নগদ ধন আগবঢ়োৱা হয়়।
ডিমাপুৰৰ পৰা অহা কুৰিজনীয়া দলটোৱে বৰশী টোপাই ধৰে সৰ্বাধিক ওজনৰ মাছ। প্ৰতিযোগী সকলে ৰূপচন্দা, ৰৌ, বাহু, গ্ৰাছকাপ আদি ভিন্ন প্ৰজাতিৰ মাছ ধৰি প্ৰকাশ কৰে আনন্দ।
ইপিনে বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা চাবলৈ ভিন্ন প্ৰান্তৰ পৰা হিলদল ভাঙি পহুগড়লৈ আহে ৰাইজ ।
বৰশী বোৱা দৃশ্য চাই বহুজনে সোঁৱৰিলে ল’ৰালি কালৰ স্মৃতি।