ঐতিহাসিক আমগুৰি সমষ্টিৰ বিলুপ্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সমষ্টিবাসীৰ

আমগুৰি: ঐতিহাসিক আমগুৰি সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত সমষ্টিবাসীৰ ।

সমষ্টি পুনঃনিৰ্ধাৰণ আৰু বিলুপ্তকৰণৰ খচৰা নিৰ্বাচনী আয়োগে ঘোষণা কৰাৰ পাছতেই ৰাজ্যৰ আন কেইবাটাও সমষ্টিৰ লগতে শিৱসাগৰ জিলাৰ ১০৩ নং আমগুৰি বিধানসভা সমষ্টি বিলুপ্তকৰণৰ খচৰা প্ৰকাশিত হোৱাৰ পাছতেই সমষ্টিবাসীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱাৰ উপৰিও সমষ্টি বিলুপ্তকৰণ বাতিলৰ দাবীত ক্ৰমাগত প্ৰতিবাদ অব্যাহত আছে ।

প্ৰতিদিনাই দল-সংগঠনসমূহে আমগুৰি সমষ্টিৰ বিভিন্ন স্থানত গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ইয়াৰ মাজতে শাসকীয় মিত্ৰ জোঁট অংশীদাৰ আমগুৰি অ গ পই আমগুৰি নগৰৰ মাজমজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । আমগুৰি অ গ পৰ উপৰিও বহুকেইটা দল-সংগঠনেও প্ৰতিবাদত অংশগ্ৰহণ কৰে । আনহাতে সমষ্টি বিলুপ্তকৰণ প্ৰতিবাদত আমগুৰিৰ জাঁজী অঞ্চলটো ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । সমষ্টি বিলুপ্তকৰণ বাতিলকৰণ বাতিল নকৰালৈকে সমষ্টিবাসী ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনসমূহে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।