এজাক বৰষুণ দিলে বন্ধ হয় বিদ্যালয়ৰ পাঠদান।
এজাক বৰষুণ দিলে ছাত্ৰ ছাত্ৰী সকল বঞ্চিত হয় শিক্ষা গ্ৰহণ পৰা।
জৰাজীৰ্ণ বিদ্যালয়তে বছৰ বছৰ ধৰি পাঠদান কৰিবলৈ বাধ্য দুই শিক্ষক।
শিৱসাগৰঃ এশ এবুৰি সমস্যাৰে জৰ্জৰিত ডিমৌৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়।
ভগ্নপ্ৰায় গৃহত শিক্ষা গ্ৰহণ কৰে চাহ জনগোষ্ঠীৰ কণকণ ছাত্ৰ-ছাত্ৰী সকলে।
ডিমৌ প্ৰাথমিক শিক্ষা খণ্ড বিষয়া কাৰ্যলয় অন্তৰ্গত মাছৈ চাহ জনজাতি প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব। ডিমৌ সমীপৰ ১নং মাছৈ গাঁৱত ১৯৮৫ চনতে স্থাপিত হোৱা এই বিদ্যালয়খনে আজিও লাভ নকৰিলে এটি পকীগৃহ।
এই জৰাজীৰ্ণ গৃহটোতেই বিগত ৩৯ বছৰে শিক্ষাগ্ৰহন কৰি গৈছে চাহ জনগোষ্ঠীৰ কণকণ ছাত্ৰ-ছাত্ৰী সকলে। “ক” শ্ৰেণীৰ পৰা পঞ্চম শ্রেণীলৈকে থকা এই বিদ্যালয়খনত বৰ্তমান ৬৬ জন ছাত্ৰ-ছাত্ৰীয়ে এই ভগ্নপ্ৰায় গৃহটোতে শিক্ষা গ্ৰহণ কৰি আছে।
যি সময়ত ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ আমোল পৰিৱৰ্তনৰ ঢাক-ঢোল বজাই আছে ঠিক তেনে সময়তে এজাক কিনকিনিয়া বৰষুণ দিলেই বিদ্যালয় আধাতে ছুটি দিব হয়। কিয়নো বিদ্যালয়খনৰ টিনপাত সমূহৰ ম্যাদ বৰ্তমান শেষ হৈছে। যাৰবাবে এজাক সাধাৰণ বৰষুণতেই বিদ্যালয়খনৰ ভিতৰ চৰা পানীৰে উপচি পৰে আৰু পঢ়াৰ পৰিবেশ নষ্ট কৰে। সেয়ে শিক্ষকে আধাতে ছুটি দিব হয়।
ইয়াৰ উপৰিও বিদ্যালয়খনত ছাত্র-ছাত্ৰীৰ অনুপাতে মাথোঁ দুজন শিক্ষক থকাৰ বাবে বহু সময়ত “ক” শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্র-ছাত্ৰীসকলক চতুৰ্থ বা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে পাঠদান কৰিব লগীয়া কাৰ্যই শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে।
আনহাতে, শিক্ষা বিভাগে অনুষ্ঠিত কৰা গুণোৎসৱত “A” বা “A+”গ্ৰেড লাভ কৰি আহিছে যদিও আজি তাৰিখলৈকে এটি স্থায়ী পকী গৃহ নিৰ্মাণ কৰি নিদিলে শিক্ষা বিভাগে। এতিয়া প্ৰশ্ন হয়, শিক্ষা বিভাগৰ আমোল পৰিৱৰ্তনৰ ঢাক-ঢোল বজাই থকা চৰকাৰখনে এই ভগ্নপ্ৰায় বিদ্যালয়খনত এটি পকী গৃহ নিৰ্মাণ কৰি কণকণ ছাত্ৰ-ছাত্রীসকলৰ ভৱিষ্যত সুনিশ্চিত কৰিবনে ?