ৰঙিয়াঃ এমিতি একাডেমীৰ নৱাগত আদৰণী সভা- সাংস্কৃতিক অনুষ্ঠান সম্পন্ন।
বাইহাটা চাৰিআলিস্থিত ব্যক্তিগত খণ্ডৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান এমিতি একাডেমীৰ নবাগত আদৰণি সভাখন শনিবাৰে অনুষ্ঠিত হৈ যায় ৷
দিনজোৰা কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত নৱাগত আদৰণী সভাৰ প্ৰথম কাৰ্যসূচী হিচাবে পুৱা পতাকা উত্তোলন কৰে একাডেমীখনৰ অধ্যক্ষ কৃষ্ণকান্ত কলিতাই ৷ পতাকা উত্তোলনৰ পিছতে মঞ্চ মুকলি কৰে বিষয় শিক্ষক জয়া দেৱীয়ে ৷ ছাত্ৰ-ছাত্ৰী সমাৰোহ পৰিচালনা কৰে হাতিমুদ্দিন আহমেদ আৰু অনামিকা ডেকাই ৷
সমাৰোহত একাডেমীখনৰ শিক্ষক-কৰ্মচাৰী সকলক পৰিচালনা সমিতিৰ তৰফৰপৰা সম্বৰ্ধনা জ্ঞাপন কৰে উপ সঞ্চালক চেলিম চৌধুৰী, সচিব তাৰিক চৌধুৰী আৰু কোষাধ্যক্ষ ইয়াকুব আলীয়ে ৷
শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰী সকলে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷ একাডেমীখনৰ সঞ্চালক মিনহাজ আহমেদে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ কৃষক মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি তথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্য্য ,কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ৷ সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে উদয়ন শান্তি নিকেতনৰ অধ্যক্ষ হেমন্ত শৰ্মা, পশ্চিম দৰং ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ উপেন চহৰীয়া, আগডলা চাৰিআলি উঃ মাঃ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা বীণাপানি বৰ্মণ, বিশিষ্ট লেখিকা ৰক্তিমা ডেকা বৰুৱা, বিজেপিৰ বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি আমিনুল হক প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ৷
বিয়লি জনপ্রিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভড়ালীৰ গীত পৰিৱেশনৰ পিছতে সফলভাৱে সামৰণি পৰে এমিতি একাডেমীৰ নৱাগত আদৰণী সভাৰ কাৰ্যসূচী।