এতিয়াৰে পৰা উৰিষ্যাৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ ভক্ত সকলে মানি চলিব লাগিব বিশেষ কিছু নীতি নিয়মঃ হাফ পেন্ট, ফটা জিনছ পিন্ধি প্ৰৱেশ কৰিব নোৱাৰিব মন্দিৰত

ডিজিটেল ডেক্সঃ এতিয়াৰে পৰা উৰিষ্যাৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ ভক্ত সকলে মানি চলিব লাগিব বিশেষ কিছু নীতি নিয়ম। ৯ অক্টোবৰত মন্দিৰ প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰি কয় যে মন্দিৰ দৰ্শন কৰাৰ সময়ত ভক্ত সকলে পোছাকক লৈ কিছু নিয়ম মানি চলিব লাগিব। এই নিয়ম ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকাৰী হ’ব।

এই নতুন নিয়ম অনুসৰি- কোনো দৰ্শনাৰ্থীয়ে হাফ পেন্ট, ফটা জিনছ, স্কাৰ্ট, স্লিভলেছ আদি পৰিধান কৰি মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব।

মন্দিৰ কৰ্তৃপক্ষই জনাই যে, কিছুমান লোক হাফ পেণ্ট আৰু স্লিভলেচ কাপোৰ পিন্ধি আহে। যেন কোনো ঠাইত মনোৰঞ্জনৰ বাবে গৈছে। ঈশ্বৰ মন্দিৰত বাস কৰে। এইটো মনোৰঞ্জনৰ ঠাই নহয়। ই আন লোকৰ ধৰ্মীয় অনুভূতিক আঘাত কৰে।

জগন্নাথ মন্দিৰ ব্যৱস্থাপনা প্ৰধানে কয় যে মন্দিৰৰ মৰ্যাদা আৰু পৱিত্ৰতা বজাই ৰখাটো আমাৰ দায়িত্ব। সেয়েহে পোছাক সংহিতা ১জানুৱাৰী ২০২৪ ৰ পৰা কঠোৰভাৱে অনুসৰণ কৰা হ’ব। মন্দিৰৰ দ্বাৰা নিয়োজিত লোকসকলে ইয়াৰ ওপৰত লক্ষ্য ৰাখিব।