স্পৰ্টছ ডেস্কঃ চলিত এছিয়া কাপৰ ছুপাৰ 4ৰ খেলত শ্ৰীলংকাৰ বিৰুদ্ধে 41 ৰাণেৰে জয়লাভ কৰি দশমবাৰৰ বাবে প্ৰতিযোগীতাখনৰ ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ । কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত আয়োজক দলটোক পৰাস্ত কৰাৰ লগতে একেৰাহে 13খন এদিনীয়াত অপৰাজেয় হৈ থকা দ্বীপৰাষ্ট্ৰখনৰ যাত্ৰাৰো যতি পেলায় ৰোহিত শৰ্মাৰ মেন-ইন-ব্লুৱে ।
ভাৰতে 49.1 অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই 213 ৰাণ সংগ্ৰহ কৰি শ্ৰীলংকাক 214 ৰাণৰ লক্ষ্য বান্ধি দিয়ে । 214 ৰাণৰ লক্ষ্য আগত ৰাখি ঘৰুৱা দলটোৱে 41.3 অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ 172 ৰাণ হে কৰিবলৈ সক্ষম হয় ৷
টছত জয়ী হৈ ৰোহিত শৰ্মাই প্ৰথমতে বেটিঙৰ সিদ্ধান্ত লয় । ভাৰতে 49.1 অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই 213 ৰাণহে সংগ্ৰহ কৰে ৷ স্পিনাৰ দুনীথ ৱেলালাগেই ভাৰতীয় বেটিংক 40ৰাণৰ বিনিময়ত 5 টা উইকেট দখলেৰে ধৰাষায়ী কৰে ৷ তাৰোপৰি চাৰিথ আছালংকায়ো 18 ৰাণ দি 4 টা উইকেট লয় ৷ ৰোহিত শৰ্মা আৰু শুভমন গিলে দলক এক সুন্দৰ আৰম্ভণি দিয়ে যদিও দুনীথ ৱেলালাগেই দলৰ স্কোৰ 80 হওঁতে শুভমন গিলক (19) ৰাণত আউট কৰি পাৰ্টনাৰশ্বীপ ভাঙে ৷ আনটো মূৰত ৰোহিত শৰ্মাই 53 ৰাণ কৰি ৱেলালাগেৰেই বলত আউট হোৱাৰ পূৰ্বে নিজৰ এদিনীয়া ক্ৰিকেট কেৰিয়াৰত 10,000 ৰাণ সম্পূৰ্ণ কৰে । ৰোহিত শৰ্মাই এই মাইলৰ খুঁটি স্থাপন কৰিবলৈ 241 টা ইনিংছ খেলিব লগা হয় । বিৰাট কোহলীয়ে আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হয় আৰু মাত্ৰ 3 ৰাণ কৰি পেভেলিয়নমুখী হয় ৷ দুনীথ ৱেলালাগেই কোহলীৰো উইকেট লাভ কৰে ৷ ৱেলালাগেই ভাৰতীয় বেটিংৰ মধ্যক্ৰমক স্থিৰ হোৱাৰ সকলো সুযোগ কাঢ়ি নিয়ে কে এল ৰাহুল (39) আৰু হাৰ্দিক পাণ্ডিয়া (5) ক আউট কৰি ৷ ঈশান কিষাণে 33 ৰাণ কৰি আছালংকাৰ বলত আউট হয় ৷ ৰবীন্দ্ৰ জাদেজা (4), যশপ্ৰীত বুমৰাহ (5) আৰু কুলদীপ যাদৱো (0) বৰ বিশেষ প্ৰদৰ্শন দেখুৱাত ব্যৰ্থ হয় ৷ শেষৰ ফালে অক্ষৰ পেটেলৰ বেটৰ পৰা আহে 26 ৰাণৰ গুৰুত্বপূৰ্ণ অৱদান ।
খেলৰ দ্বিতীয়াৰ্দ্ধত ভাৰতীয় বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত অসহায় হৈ পৰে যোৱাবাৰৰ এছীয় চেম্পিয়ন দলটো ৷ শীৰ্ষৰ কোনো এগৰাকী বেটছমেনেই প্ৰতিৰোধ গঢ়িবলৈ সক্ষম হোৱা নহল ৷ দুৰ্দান্ত ফৰ্মত থকা কুলদীপ যাদৱে এইখন খেলতো উজ্জীৱিত বলিঙেৰে শ্ৰীলংকাক দিশহাৰা কৰি পেলায় । বাওঁহতীয়া স্পীনাৰজনে 9.3 অভাৰত 43 ৰাণ খৰচ কৰি 4 টা উইকেট দখল কৰে । যশপ্ৰীত বুমৰাহে (2/30) আৰু ৰবীন্দ্ৰ জাদেজাই (2/32) দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ চিৰাজ আৰু সহ-অধিনায়ক হাৰ্দিক পাণ্ডিয়াই এটাকৈ উইকেট লাভ কৰে ৷
শ্ৰীলংকাৰ হৈ আজিৰ তাৰকা আছিল অলৰাউণ্ডাৰ দুনীথ ৱেলালাগে । প্ৰথমে ভাৰতীয় ইনিংছত 5 টা উইকেট লোৱাৰ উপৰিও বেটিঙতো অনবদ্য 42 ৰাণ কৰি অপৰাজিত থাকে খেলুৱৈজন । এই দৰ্শনীয় প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অফ দ্য মেচৰো খিতাপ লাভ কৰে ৱেলালাগেই ।